পৃষ্ঠা:পৰিদৰ্শন.djvu/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মন্ত্ৰ

 ভদ্ৰেঃ পিতাক— হয়নে হে মাষ্টাৰ?

 মাষ্টাৰ— হয়, ডাঙৰীয়া, বোপা দেউতাই বৰ ভালকৈ কৈছে। ঠিক সেয়ে।

 ভদ্ৰেঃ পিতাক— কিয়? ইংৰাজীত চুঙাকনো কি বোলে?

 মাষ্টাৰ— (বিমোৰত পৰিল) এৰা ডাঙৰীয়াই লেঠা হে লগালে, চুঙাৰ ইংৰাজী নাই নহয়। বাঁহৰ হে চুঙা হয়; তাহাঁতৰ দেশত বাঁহ নায়েই নহয়। আৰু আমাৰ দুখীয়া মানুহৰ হে চুঙা। তাহাঁতৰ ধনী দেশত বটল, গিলাছ, কাপ, জাগ এইবোৰহে আছে। চুঙা দেখাই নাই যেতিয়া ক’ৰ পৰা চুঙাৰ ইংৰাজী থাকিব?

 ভদ্ৰেঃ পিতা— উঁ। পিচে আমাৰ দেশত যে চাহাবক গাখীৰৰ চুঙা দিওঁহঁক, তাকনো তাহাঁতে ইটোই-সিটোই— ধৰা মেমচাহাবে চাহাবক কেনেকৈ বুজাই কব?

 মাষ্টাৰ— তেতিয়া ঘূৰাই, পকাই কয়। যেনে মেমে কৈছে ধৰক— My dear অমুক gave good milk in bamboo pot all empty but one ঘিলা over head— অৰ্থাৎ অমুকে (যেনিবা ডাঙৰীয়াই) এমূৰে ঘিলা থকা ফোপোলা বাঁহ এডোখৰত ভাল গাখীৰ দিছিল। (হাঁহে)

 ভদ্ৰেঃ পিতা— ঘিলা কিহে, গাঁঠি নেকি?

 মাষ্টাৰ— হয় ডাঙৰীয়া, গাঁঠি।

 ভদ্ৰেঃ পিতা— গাঁঠিক জানো ঘিলা বোলে ইংৰাজীত।


[৭৫]