পৃষ্ঠা:পৰিদৰ্শন.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

সাৱধান হবা। আজিকালিৰ দিনত আৰু এখন মৰামৰি লগাই পুলিচৰ কিল খাবৰ কোনো আৱশ্যক নাই।

 ভূদেৱ— খাব লাগিলে কিল খাবই লাগিব, Sir।

 M. L. A.— আপুনি ছিলঙলৈ কেতিয়া যাব Sir?

 Opp. Leader— কাইলৈ ভাটিবেলা। তোমালোকে গৈ motion তেনে table কৰিবাগৈ।

 

(৬)

 [কলেজ থকা নগৰ। গধুলি ৮ মান বাজে। ডিপুটি কমিছনাৰ চাহাবৰ ঘৰ। ডিঃ কঃ, প্ৰিন্সিপাল, পুলিচ চাহাব, Jail Supdt. বহি থাকে]

 D. C.— Altogether a mess. (Principalৰ প্ৰতি) আপোনালোকেনো পুলিচক ইমান urgently মাতি পঠাইছিলে কিয়?

 পুলিচ চাহাব— Well, well— যি হবলগীয়া তো হলেই। But don’t you see the fun of the thing? গোটেই সোপা দায় জগৰ, বদ্‌নাম হব পুলিচৰ। (Principalৰ প্ৰতি) I envy you, Principal. আপুনিতো report এটা দিয়েই খালাচ।

 Principal— I admit, rather an awkward situation. But what could I do? আমাৰ প্ৰফেছৰসকলো বিৰোধী। তেওঁলোকেতো একো সহায় নকৰিলে।

[৫২]