পৃষ্ঠা:পৰাচিত.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
[ দ্বিতীয় অঙ্ক
পৰাচিত


 ধৰম। পৰাত পাৰিম, দাম হে কিছু বেচি পৰিব।  মদন। কুচ্, পৰোৱা নাই। পৰে পৰিব। আৰু কি কি লাগিব, তোক নক'লেও হ'ব। ঠিক আগৰ দৰেই। যিমা খৰচ পৰে পিচত বিল দিবি। বটললৈ নাপাহৰিবি আকৌ বুজিছ?

 ধৰম। বুজিছোঁ। সেয়ে নহলে আকৌ ‘ফীষ্ট হ’ল কি ইমান দিন আড্ডা চলাই এতিয়া আকৌ নতুনকৈ শিকি লাগিব নে।

 মদন। ন বজাত সকলো ঠিক হ'ব লাগিব। এতিয়া যাওঁ।

( দুয়ো ওলাই যায়।)

 ধৰম। তাৰ নিমিত্তে চিন্তা কৰিব নালাগে।

 ( অলপ পৰ বাহিৰলৈ চাই থাকি খা বাপেৰৰ যহতে মদে-ভাতে। পিচত হে দেখা যাব (নিজে নিজে) দোকানী মানুহ, লাভক ৰাই মোৰ ব্যৱসায় ফীষ্টটোৱে পতি নাই নাই বুলি তেও পাঁচ টকা হাতলৈ আহে খোৱাটো ফাওতে হয়! যাব নোৱাৰিছে সিহঁত অধঃপাতে মই পোৱা পইচাকেইটা এৰিবলৈ যাম কিয়?

( সোমাই যায়।)