পৃষ্ঠা:পৰাচিত.pdf/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
দ্বিতীয় দৃশ্য]
পৰাচিত

 ( কান্ধত এটা ঢোল আৰু সোঁ হাতত এডাল মাৰি লৈ বিহুৱাৰ প্ৰায় সম-বয়সীয়া ভেকোলাৰ প্ৰবেশ।)

 বিহুৱা। অ’ ভেকোলাকাই দেখোন! পিচে কান্ধত ঢোলটো লৈ গৈছিলি ক'লৈ?

 ভেকো। এঃ! কিনো কবি! ঢোলটোৰ এই ফালে ফুটা এটা ওলাল, তাকে সৌ নদাই বায়নৰ হতুৱাই নকৈ চোৱাই আনিলোঁ। এইখিনি কাম কৰোঁতেই দুটকা ল'লে। •

 বিহু। আজি কালি অকল পইচাৰ হে শৰাধ। পিচে বজাই চাইছিলি জানো? নামাতেই বা?

 ভেকো। বজাই নোচোৱাকৈ তাক পইচা দিছোঁ নে!মোক তেনে হেবাংবুলি নাভাবিবি।

 বিহু। বাৰু এবাৰ বজাচোন শুনো।

 ভেকো। নাচনি নহ'লে মিছাতে কি বজাবি?

 বিহু। মিছাতে নহয়, মই নাচিম ঢোলটো দেখিয়েই মোৰ গা উঠি আহিছে।

  ( গা ভাঙি ই কাতি সিকাতি কৰে। )

 ভেকো। বাৰু তেন্তে।

 (ভেকোলাই হাতেৰে মোহাৰি ঘূণ দিয়াখিনিত ভুকুৱাই ঠিক কৰি লয়; বিহুৱায়ো কাপোৰ-কানি সামৰি লয়। তাৰ পাচত ভেকোলাই চেও মাৰে, বিহুৱাই নাচে।)

 ভেকো। হ'ল আৰু। বাটৰ মাজত কি বিহু পাতিবি। লোকে বয়া বুলিব।