পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। কেতেখ-গুৰুচৰিতত এওঁ কেতেখা বুলি জনাজাত কিন্তু কালশিলা গোঁসাইৰ বংশাৱলী মতে এওঁৰ নাম যশচন্দ্ৰখা। কেতেখা বৰ্তমান দৰং জিলাৰ পূব অঞ্চলৰ গাংমৌত দোপদৰ সাজি উত্তৰ কুলৰ শিৰো- মণি ৰাজ্য শাসন কৰিছিল; ২য় পুত্ৰ শুকাই বা মুকবিগিৰী পিতৃৰ অধিকাৰত ভূঞালি কৰিছিল। বিশ্বসিংহই দেশ জয় কৰোতে কেতেখাৰ লগত ৰণ হয় আৰু তেওঁ বিশ্বসিংহৰ হাতত হানে। প্ৰভু শ্ৰীমন্ত শঙ্কৰ ভটীয়াই যোৱাৰ অলপ আগতে (৩) হৰিহৰ আৰু যদুমণি ভটীয়াই যাই নৰনাৰায়ণৰ আশ্ৰয় লয়। হৰিহৰ কোচ ৰজাৰ তলে বৰকাকতী বা গোমস্থা হৈ কুৰোবাহাত বাস কৰে (কামৰূপ)। গদাধৰ—এওঁ বৰভিঠাত সত্ৰ পাতি ধৰ্ম প্ৰচাৰ কৰিছিল। এওঁ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰপৰা ধৰ্ম ধৰিছিল। কেশৱৰাম-আহোম ৰজাৰ দিনত এওঁ বৰকায়স্থ হৈছিল; আৰু ৮০ পুৰা নিস্কৰ ভূমি লাভ কৰে। ফলি হেৰোৱাত বংশধৰসকলে এই ভূমি ইংৰাজ আমোলত নাপালে। এই বংশত পৰবৰ্তীকালত কেইবাজনেও চৌধাৰী বিষয় পাইছিল। ১১ হৰমোহন দত্ত-এওঁ গুৱাহাটীৰ কাছাৰীত কেৰাণীৰ কাম কৰিছিল; পুৰুষজন বুদ্ধিমান আছিল আৰু বহুত সম্পত্তি উপাৰ্জন কৰিছিল। প্যাৰিমোহন দত্ত-এওঁ ওখ-ডাঙৰ বলী পুৰুষ আছিল। হকী, ফুটবল আদি খেলাৰ বাবে এওঁ খ্যাত আছিল। মেডিকেল স্কুৰপৰা পাচ কৰি আহি অলপ দিন ডাক্তৰি কৰোতেই স্বৰ্গী হয়। শ্ৰীযুত পদ্মমোহন চৌধাৰী-মহীৰাম চৌধাৰীৰ নাতি; এওঁ বৰ্তমানে মৌজা চলায়। সুশ্ৰী, বুদ্ধিমান আৰু সৰল। গোপীনাথ বৰুৱা-এওঁ সুশ্ৰী, বিদ্যান আৰু উদাৰ চৰিতৰ পুৰুষ আছিল। গৌৰীপুৰৰ জমিদাৰ ধীৰচন্দ্ৰ বৰুৱাৰ কন্যা বিয়া কৰাই গৌৰীপুৰক উঠি যায়। শ্ৰীযুত সন্তোষ কুমাৰ বৰুৱা বি, এ-এও উদ্যোগী, বিদ্যোৎসাহী আৰু উদাৰ প্ৰকৃতিৰ পুৰুষ যোৱা ১৯৩০ চনত এওঁ বিলাত ভ্ৰমণ কৰি আহিছে। এওঁৰ সম্পত্তি সৰু জমিদাৰী এটাৰদৰে। বছৰ একাদিক্ৰমে এওঁ আসাম লেজিচলেটিভ এচেলিৰ আৰু লোকেলবোৰ্ড চেয়াৰম্যান হৈ যোগ্যতাৰে কাম কৰি আহিছে। এওঁৰ দিনত ধুবুৰী লোকেলবোৰ্ডৰ অশেষ ভাল কাম হয়। - বহু ভুঞা বংশ। ১ চাৰি পোঃ টি চামণি ভূঞা ভাঃ বাতাপ্ৰিয়া | ২ সত্ৰাজিত ভাঃ ওদিপীপ্ৰিয়া চাৰাবৰি সত্ৰ গো-মধুফল্য ধৰ্মসম্প্ৰদাভাগৱতী কামৰূপ