পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

18. কায়স্থ সমাজৰ ইতিবৃত্ত। -

শুভঙ্কৰে অঙ্ক শাস্ত্ৰৰ আলোচনা কৰিছিল। এওঁ যিবোৰ অঙ্ক লিখিছিল সেইবোৰ অতি আমোদ জনক আৰু নিয়মবোৰ অতি সহজ। তেওঁ ৰচনা কৰা তিনটা সৰু অঙ্ক তলত দিয়া হল- (১) শুভঙ্কৰৰ ফঁাকি, চৌত্ৰিশৰ তিনি গলে, বিমান থাকে বাকী? (০১) (২) শুভঙ্কৰৰ ফঁাকি, ষাঠিৰ ষাঠি গলে বাকী থাকে উঠি। (৫৯) (৩) এক ৰতি সিৰে নজনীক আতে। একেলগে সাধি নিলে হাজাৰ নব্বৈ টকা। নমোন সিৰে কত জনীক বাতে? কোৱাহে কায়স্থ ভাই কত হোবে টকা। (৪) এক আনা দুই আনা তিন আনাৰ দায়ী। কাইথেলী অঙ্ক। দ্বাদশ বছৰ ৰাজাক খাজানা দিয়া নাই। শুভঙ্কৰ, তেওঁৰ পুত্ৰ সক্ষণ, নাতি সত্ৰাজিত কোচবিহাৰতে আছিস। লক্ষণ-মহাৰাজ নৰনাৰাষণৰ সময়ত কোচ ৰাজ্য ঢাকাৰ প্ৰায় ওৰ পাইছিল। পুৰ লক্ষ্মীনাৰায়ণৰ দিনত কোচ ৰাজ্যৰ দক্ষিণ পূৰ্ব অংশত লক্ষণ প্ৰাদেশিক শাসনকৰ্তা পাতে। লক্ষণ কিছুদিন তাত থকাৰ পাছত তাৰ কিছু ঠাই ঢাকাৰ নবাবৰ অধীন হ্য; সক্ষণ সেই ঠাইৰে জমিদাৰ হয়। সত্ৰাজিত—পিতৃৰ পাছত এওঁ ঢাকাৰ ওচৰৰ ঠাইত জমিদাৰ হয়। এওঁৰ সম্বন্ধে চাৰ এডৱাৰ্ড ইটে লিখিছে- সত্ৰাজিত ঢাকাৰ ওচৰৰ এক জমিদাৰৰ লৰা (১০৮ পৃঃ) এওঁ পৰীক্ষিতৰ বিপক্ষে ঢাকা নবাবৰ দ্বাৰা প্ৰেৰিত হৈ কোচ হাজোত ৰণ কৰে। পৰীক্ষিতৰ ৰাজ্য ভগাৰ পাছত সত্ৰাজিতেই কিছুদিন পাও আৰু গুৱাহাটীৰ থানাদাৰ হয় (History of Assam by Gait) আহোম-মোগলৰ ৰণৰ সময়ত সত্ৰাজিত সেনাপতি হৈ আহোমৰ বিপক্ষে ৰণ কৰে। পাণ্ডুৰ এখন ৰণত সত্ৰাজিতৰ পুতেক বন্দী হয়; আহোমে তেওঁক নি কামাখ্যাত বলি দিয়ে। কিছুদিন পাছত মোগলে পুনৰ কামৰূপ অধিকাৰ কৰে আৰু সত্ৰাজিত পাৰ খানাদান হয়। এই সময়ত মোগল ৰাজ্যত নানা প্ৰকাৰ গোলমাল লাগে, আৰু আহোমৰ প্ৰভাব ক্ৰমে বেছিকৈ জিলিকে। সত্ৰাজিতে স্বাধীন হবলৈ বিচাৰি মোগলক কৰ-কাতল নিদিয়া হল আৰু আহোমৰ লগত যোগ দিবলৈ যত্ন কৰে। এই সম্বন্ধে পুৰণি কামৰূপ বুৰঞ্জী আৰু গেইট চাহাবৰ বুৰঞ্জীত বচত বথা লিখা আছে। সত্ৰাতিৰ ভাব বুজিব পাৰি ঢাকাৰ বাবে মিৰ জইনুদ্দিন নামৰ সেনাপতি এজনক কামৰূপলৈ পঠায; তেওঁ অহা শুনি সত্ৰাজিত আগবাঢ়ি ধুবুৰীলৈ যায়। জইনুদ্দিনে সত্ৰাজিতক পাই তাতেই বন্দী। কৰি ঢাকালৈ পঠাই দিয়ে। সত্ৰাজিতক ঢাকাত নিহত কৰে। আহেমে এই সময়ত দৰঙ্গ ৰজা বলীনাৰায়ণৰ সৈতে কোচহাজো অধিকাৰত বিশেষ যত্ন কৰি আছিল। অকল মিৰ জইনুদ্দিনৰ দ্বাৰা বিশেষ ফল নোহোৱা দেখি ঢাকাৰ নবাবে চিলেটৰ ফৌজদাৰ মোহম্মদ জামালক কোচহাসোলৈ পঠায়। ৯ আসাম বুৰঞ্জীৰ বিখ্যাত সত্ৰাজিত সেনাপতি এই জল সত্ৰাজিত বুলি বংশধৰসকলৰ পৰা আমি একো কৰা সংগ্ৰহ কৰা মাই। বহুত কাৰণৰ ওপৰত ভিতৰ কৰি সেইজৰ বুলি আমি অনুমান কৰি ইয়াত লিখিলে। লিথক।