২৩ কায়স্থ সমাজৰ ইতিবৃত্ত। en ৰামাকান্ত নামে এটি পুত্ৰ আছিল; সেই সময়ত তেওঁৰ বয়স তেৰ বছৰ। দামোদৰ আতাৰ শ্ৰাদ্ধ বিধি হৈ যোৱাৰ পাচত ধৰ্মাধিকাৰ কোন হব সেই কথালৈ কাজিয়া হয় - “ক্ৰিয়া কৰ্ম অন্তে দন কৰে ডাঙৰ আই (কনকলতা) বোলে সুভদ্ৰাৰ পুত্ৰে ধৰ্ম বটা পায়। ঠাকুৰ চৰিত-- হৰিনাৰায়ণ। মীৰজুমলাৰ আক্ৰমণত প্ৰজা ভাঙি ঠান ঠান হল— দেশত হাহাকাৰ লাগিল। ৰমাকান্ত কিছুদিন থাকি বৰদোৱা এৰি পিতাকৰ সখিয়েক ভগবানৰ সৈতে উজায় আহে। তাৰ পাচত সক্ষী আইয়ো উজাই আহে। দামোদৰ আতাৰ গুণ- পৰম গম্ভীৰ ধীৰ ঠাকুৰ মহন্ত। একতিলে। নামৰ অভ্যাস নেবিলন্ত॥৪৩৪ ক্ষুধা তৃষ্ণা উৰ্মি আদি জিনিলা সাক্ষাত। নিতে লাখ নাম জপি থাক মালাত। মহা বিৰকত প্ৰেধাৰী অতিশয। পীৰিতি ৰস ৩ : জি সদ। থাকয়। কৃষ্ণপদ পঙ্কজ হিসাত প্ৰকাশিলা। শৰ বিন খান ও নকহিল॥ হৰিনাৰায়ণ (দিজ) ৰমাকান্ত দেৱ উজাই আহি পিতৃৰ স্থাপিত নৰোৱা সত্ৰত বাস কৰে। কনকলতা আই স্বৰ্গী তে : তেওঁৰ জৰি নাতি অনন্তৰা আৰু সৰু ডায়াযেক গাভৰুগিৰী কলিয়াবৰতে আছিল। সেই সময় আহোম ৰাজপাট ও চকবজ সিংহ আছিল, তেওঁ ৰমাকান্ত আৰু অনন্তৰামক মতাই নিয়াই আদৰ কৰে :- অনন্তৰাম আৰা ৰমাকান্ত। দুযো ভাই একপ্ৰতি হুযা আসিলন্ত॥২৩৯ X শুনি চক্ৰধ্বজ ৰাজ। আনন্দ ভৈলেক। মন্ত্ৰী পাত্ৰ পাঞ্চি আগ বঢ়াই নিলেক।”২৪০ অনন্ত চৰিত ভদ্ৰচাৰু। ৰজাই দুষোৰে লগত কথা বাৰ্তা হৈ আনন্দ লাভ কৰে আৰু দুযোকো নাৱশালত (বৰ্তমা শিৱসাগৰৰ হাহচৰা) থাকিবলৈ দিয়ে। তাৰ পাচত ৰমাকান্তদেৱ নৰোৱাক যায়। কিছুদিন পাচ কামৰূপৰ পৰা কাষস্থ কন্যা আনি বিয়া কৰায়। তেওঁৰ লাহে লাহে শিস্য সংখ্যা বাঢ়িব ধৰে :- “সৰু গোৰ্সাই ৰাজা ঠাকুৰৰ ভক্ত ভৈল। এহিমতে নৰোৱাত সম্পত্তি বাঢ়িল।” হৰিনাৰায়ণ (দ্বিজ) X X
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫৮
অৱয়ব