পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৩৪ কায়স্থ সমাজৰ ইতিবৃত্ত।

এটী কন্যা আছিল; তেওঁক গাভৰুগিৰী নামে এটি কায়স্থ লৰাত বিয়া দিয়ে। আই উজাই অহাৰ অলপ আগখিনিতে ডাঙৰ লোৱায়েক ৰামদেৱ বা যদুবৰুৱা স্বৰ্গী হয়। সৰু জোৱায়েক আইৰ লগতে আছিল। নৰোৱা গোসই। হৰিচৰণ ঠাকুৰৰ ডাঙৰ জোৱায়েক গৌৰীকান্ত বৰুৱা বা “বৰুৱা আতা” চতুভুজ ঠাকুৰৰ লগে লগে ফুৰিছিল। চতুৰ্ভুজ ঠাকুৰৰ পুত্ৰ সন্তান নৰোৱাত গৌৰীকান্ত বৰুৱাৰ পুত্ৰ দামোদৰক পুত্ৰৰূপে গ্ৰহণ কৰাৰ কথা কোনো কোনো চৰিত্ৰ পুথিত পোৱা যায়— (.) চতুভুজ ঠাকুৰে কৈছে— “পূৰ্ণদিনে শুভক্ষণে চাই প্ৰসবিলা। আই গৈয়া বালকৰ নাভি ছেদ কৈলা। পুত্ৰোষ্ঠী যজ্ঞক কৰি পুত্ৰ কৰি লৈলোঁ। সুবৰ্ণ মূল্য দিয়া তাহাঙ্ক কিনিলে॥ আমাৰ দ্বিতীয় ভাৰ্য্য মুকুন্দপ্ৰিয়াক। দিলা নিয়া আই পাচে পুত্ৰ তুলিবাক। নাম গোল দিঘা শৌচ ক্ৰিয়াক ধৰিলে॥ তাহাৰ নামক জান। দামোদৰ থৈলোঁ। ৰতিকান্ত দ্বিজ। (২) তীৰ্থক যাতে ঠাকুৰে কয “অহ মাৰ ভাগিন জানা কামোদৰ পুত্ৰসম ইটো আছে।” ইহাকে সমস্তে পুত্ৰ বুলি কৈবা বঙালে যদি পুছয়। ৰাজ আজ্ঞা আইলে এহি হৈব আগ বুলিলো মই নিশ্চয়।” অনন্তম চৰিত ভদ্ৰচাৰু দামোদৰ আতা- এও ১৫ ৪৮ কত জন্মে আৰু ১৫৭১ শকত আচাৰ্য পদ পায়। দামোদৰ আতাৰ সময়ত মুছলমান শাসন কৰ্তাই সেই অঞ্চলত যথেচ্ছচাৰ কৰে। তাকে দেখি দামোদৰৰ সখিযেক (উজনীত থকা) দ্বিজ ভগবানে দামোদৰক তাৰ পৰা উজাই লৈ আহে। দামোদৰৰ লগতে আইসকল আৰু জী-জোৱাই সকলো উজনীলৈ আহে। এওঁলোকে “বৰনদীৰ মুখৰ (সম্ভবতঃ কুৰুৱা) বঙালৰ চকি এৰাই বৰদোৱা ঘাট পায়। ঐশ্ৰীশঙ্কৰ প্ৰভুৱে বৰদোৱা ত্যাগ কৰাৰ লগে লগে সি অতপা হাবিত পৰিণত হৈছিল। দামোৰ আতা আহাৰ সময়ত বনবাসী নামে এজন উদাস ভক্তে বৰদোৱা বিচাৰি উলিয়াই তাৰ সমীপত বাস