কায়স্থ সমাজৰ ইতিবৃত্ত। স্বভাৱ আছিল। বহুতে অতিথিক দেৱতাৰ দৰে সম্মান কৰি ৰাখিছিল। এইবোৰ কাৰণত পাঠান কায়স্থসকল সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হৈ উঠিছিল। গোৱালপাৰা আৰু কোচবিহাৰত থাকা কায়স্থসকলৰ আৰ্থিক অৱস্থা বৰ্তমান সময়লৈকে বহুতৰ ভাল কিন্তু আগৰ তুলনাত বহুতৰ অৱস্থা ভাল বুলিব নোৱাৰি। এওঁলোকৰ চালচলন কামৰূপীয় কায়স্থ চালচলনৰ লগত অলপ ভেদ দেখা যায়। কামৰূপীয় কায়স্থসকলে ওচৰ কাষাৰৰ মানুহৰ লগত প্ৰায় সম ব্যৱহাৰ কৰিছিল কিন্তু গোৱালপাৰা-কোচবিহাৰৰ কাষসকলে প্ৰজাৰ দৰে ব্যৱহাৰ কৰিছিল, বৰ্তমানেও কিছুমানে কৰে; এওঁলোকেও বিগ্ৰহ স্থাপন কৰি নিত্য পূজা কৰায় কিন্তু সেই বিগ্ৰহ বেচি ভাগৰেই শিবলিঙ্গ বা দুৰ্গা, কালী আদিৰ। শাস্ত্ৰ থাপনাত ৰাখা এওঁলোকৰ দস্তুৰ নাই। সম্ভৱতঃ এইবোৰ ৰাজাৰ প্ৰভাৱত হৈছিল। পূব ফালে ধুতি-নীতিৰ বিচাৰ যেনে আছিল–পশ্চিম ফালে এই বিচাৰটোও ৫ম যেন লাগে; ই বঙালীৰ প্ৰভাব হব পাৰে। প্ৰাচীন কামৰূপী কাযস্থৰ অৱস্থা আৰু চৰিত্ৰৰ গুণত ইংৰাজৰ দিনৰ আগলৈকে সুখত জীৱিকা নিৰ্বাহ এৰি আছিল , তাৰ ফলতেই বোধকৰে। বৰ্তমান সময়লৈকে সমাজত ব্ৰাহ্মণৰ পাচতেই কাযস্থৰ আসন দেখিবলৈ পোৱা যায , আৰু এই কাৰণেই বোধহ কায়স্থৰ ভিতৰত এতিয়ালৈকে কোনেও কাৰৰ ঘৰুৱা চাকৰ নোহোহাৱাকৈ ৰৈ আছে। কিন্তু বৰ্তমানে আমি শিক্ষা-দীক্ষা, চৰিত্ৰ, আৰ্থিক অৱস্থাত হীন যেন হৈ আহিব ধৰিছো-কযৰ এই গৌৰৱ আৰু বেচি দিন নাথাকিব , বৰ্তমানে এক প্ৰবাৰ নাইকিযা হৈ গাহিছে বুলিলেও হয। ১ম অধ্যায়। ধৰ্ম যুগ। প্ৰভু শ্ৰীমন্ত শঙ্কৰদেৱৰ নামনি অঞ্চলত ভাগৱতী ধৰ্ম প্ৰচাৰ- “হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙ্গি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি।” নাম ঘোষা। প্ৰভু শ্ৰীশঙ্কৰদেৱে ধুহাটা বা ভূঞাহাটত চৈধ্য বছৰ হৰি নামৰস বিলাই কামৰূপলৈ গৈ অনুমান ৫৩৫ খৃঃ অব্দত পাটবাউলীত থান পাতে। থানৰ বৰ্ণনা :- “কীৰ্তন-মন্দিৰ আননী গৃহক নিৰ্মিলা। শষন-পোন গৃহ সবাকো বান্ধিলা। ২
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১১
অৱয়ব