পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮৬ কায়স্থ সমাজৰ ইতিবৃত্ত। এই বুৰঞ্জীত পৰগনাবোৰৰ নামৰ অৰ্থও দিছে; ইয়াৰ কেইখনমান পৰগনাৰ নামৰ অৰ্থ তলত দয়া হলঃ- “চৌৰাহীখাতা-ৰাজাৰ (কোচ) খাত যত য'ত আছিল মানে চৌৰাহীখাতা পৰগনা হল।” বৰ-বৰুৱাসকলে (কোচৰাজাৰ) যি খাইছিল মানে বৰভাগ হল। দেহোদেৱালয় আছিল মানে দেহোৰ হল। ক্ষত্ৰিভৰাজাৰ (কোচৰ) চাবৰ ক্ষেত্ৰি-চিপাই যিখন খাইছিল মানে সকলে পৰগনে ক্ষেত্ৰিভাগ হল। * বাহে কোবৰ-কুঁৱৰীৰ (কোষৰ) খাত মানে পৰগনে বাহেৰখাত হল। বাউসীমাও (কোচৰ) খাইছিল যেন পৰগনে বাউসী। বেজিনী কুঁৱৰীৰ নখকাটা বেজনী যিখান ত আছিল পৰগনে বেজিনী হল। (২৯ পৃষ্ঠা কাঃ বু) আহোম ৰাজত্বত প্ৰাচীন কামৰূপৰ শাসন বন্দোৱন্ত- পূবে বৰনদী আৰু কলং পশ্চিমে- গৰবেৰ'ৰ পশ্চিমে থাব। শগুণবাহী গাৱঁৰ পশ্চিম সীমা আৰু মানাই নদী, এই খিনি কামৰূপ চৰকাৰ নামটি ৰাখিলে।" আগৰ কোচ হাজোৰ পশ্চিম ছোৱাত কোচ ৰাজাৰ শৰসকল প্ৰাদেশিক ৰজা হয়। সেই ঠাই গোৱালপাৰা জিলা নামে পৰিণত; ইয়াৰ শাসনৰ ব্যৱস্থা মুছলমান আমোলৰ দৰে চলি থাকে। আহোমসকলে কামৰূপ চৰকাৰ শাসন-বন্দোবস্ত অলপ পৃথক কৰে। আহোমৰজে কিছুমান “তপাক পৰগ। নাম দিযে।” আগৰ এক গবোৰ পৰগন। সৈগেই থাকে। “পৰগনাবোৰ ২৮৫৬ খনকৈ তালুক ৩ ভাগ কৰে; লুৰবোৰ পুৰ ||৫৬ খনবৈ ভাগ কৰি লাট নাম দিযে।' লাটৰ ভিতৰত ৩৪৫ |৬ খনকৈ গাওঁ থাকে।” কোচৰাজাৰ আমোল ৩ কামৰূপত চাৰিণৰ গোমস্তা অছিল , আহোম ৰজাযো চাৰিঘৰ গোমস্তা বাখে। ইয়াৰ উপৰি “দুজৰবৰুৱ', বৰকাণ, চৌধাৰী, পাটোৱাৰী, তালুকত তালুকদাৰ, লাটত ঠাকুৰীয়া, -তাৰ •লে কাক তা, সাৰ। বগাওঁবাকি পাতে।” এই সময়ৰ গোমস্তাৰ কাম-ৰাজৰ লিখা-পঢ়া সকলো কাম কৰা; কোচৰাজাৰ সমযৰ দৰে ৰাজহৰ বাবে ৰাঙৰ ওচৰত দামী নহয; অৰ্থাৎ আহোমৰাজাৰ গোমস্তাক এক প্ৰকাৰ কাকতীহে বুলিব পাৰি। আহোমৰ জাৰ দিনত উভণীৰ প্ৰজাবিলাকে ৰাজা, ফুকন, বৰৱ। আদি বিমাৰ ঘৰত খাটি দিব লাগিছিল কি? কামৰূপীয়া প্ৰজাই পাটি দিব নালাগিছিল—খানাহে দিছিল। এই কাৰণে কামৰূপণ বিষযা সকলে জীৱিকাৰ নিমিত্তে নিস্কভূমি পাইছিল। কিন্তু কোনো বিষাই বিগ্ৰহ স্থাপন কৰিলে বা কোনো ধৰ্মাচাৰ্যই সত্ৰ বা সঙ্গ পাতিলে তাৰ সেৱা-পূজা চলাবলৈ নিৰ ভূমিৰ লগত আৰু ভকতে। পাইছিল। কোনো বিষয়ক অতিথি সৎকাৰ কৰিবলৈ আৰু মঠ-মন্দিৰ সাজি বন্তি জ্বলাই নাম কীৰ্তন কৰিবলৈও নিস্কৰ ভূমি আৰু ভকত দিছিল। পুৰুষীনামাৰ লগত ফলিবোৰ চালে ইয়াৰ প্ৰমাণ পাব। ইংৰাজ আমোলত চৰকাৰ কামৰূপ নামৰ সলনি কামৰূপ জিলা নাম হয় (১৮১৫ ইং চন)। বুব বৰুৱা, বৰকা, গোমস্তা আৰু তালুকদাৰ এই নিয়মবোৰ গুচাই দিযে।

  • খেত্ৰি বা ক্ষেত্ৰী নাম শিৰোমণিভূঞা চণ্ডবৰৰ দিনৰ—(গুৰুচৰিত)।