পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত।

মদাৰতোলাত বাস কৰে। (৮) অষয়—এই বংশত কেইবাজনো বিখ্যাত পণ্ডিতৰ জন্ম হৈছি-তাৰ তিৰবিৰায় আৰু হেমৰায় প্ৰধান। এই বংশৰ কেইবাজনো আহোম ৰাজাৰ তলে বৰুৱা হৈছিল। ভূ-সম্পত্তি বহুতো বৰ্তমানেও কিছু আছে। এওঁৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ ফেলুকুচি আৰু ৰলদৈৰ চমুৱাপাৰাত ৰাস কৰে। (১) ৰামাপাৰাৰ বৰকায়-মূল পুৰুষ বনমালী চৌধাৰী—এওঁ পৰীক্ষিতনাৰায়ণ ৰাজাৰ অধীনত চৌধাৰী হোৱা যেন অনুমান হয়। তেওঁৰ পুত্ৰ শ্যামৰায় ওৰফে চাংৰায় বৰকায়স্থ। আহোম ৰাজাৰ অধীনত হাদিৰাচক এওঁৰ জিম্মাত আছিল। এওঁৰ বংশধৰ কেইবাজনো চৌধাৰী হৈছিল—এই বংশৰ ভূ-সম্পত্তিৰ পৰিমাণে বৰ বেচি আছিল; শুনা যায়—ব্ৰহ্মপুত্ৰৰ ওচৰৰ বাঘবৰ পৰ্বতে সৈতে দুই হাজাৰ পূৰা ভূমি নিৰুৰকৈ আহোম ৰাজাৰপৰা পাইছিল। বৰ্তমানে বাঘবৰ পৰ্বতৰ কাষত ২০ পৰা মাত্ৰ ভূমি আছে। অন্যান্য ঠাইতত ভূমি আছিল কিন্তু সেইবোৰ পৰৱৰ্তী কালৰ চৌধাৰীসকলৰ দিনত ঘটা। এওঁৰ বংশধৰসকল বৰ্তমানে গোৱালপাৰাৰ গৌৰীপুৰ আৰু ঘৰীয়ালদাঙ্গা, কামৰূপৰ গণককুচি আৰু মালিকুচি গাৰত বাস কৰে। (১০) বেটগিৰী-ফুলগুৰি-বিজনীৰ উজীৰভূঞা)। “আৰু এক কথা শুনিয়োক সৰ্বজন। নামত বেঙ্কটগিৰী পৰম শোভন। নৃপ নাৰাষণে আদেশ' দিলন্ত। ফুলগুৰি বিজনীৰ উজীৰ ভৈলন্ত।” নীলকণ্ঠ-শ্ৰীদামোদৰ ৰচিত। বৰপেটা মহকুমাৰ হাউলিৰ ৪৫ মাইলমান দুৰত যি পা নামে গাওঁ আছে, তাৰ ওচৰতে ফুলগুৰি নামৰ গাওঁ আছিল; ১৮৯৭ চনৰ ভূমিকম্পত নষ্ট হৈহে। এই মহকুমাৰ বিজনী মৌজাৰ ভিতৰত হাটখোলা নামে গাওঁ আছে; তাত প্ৰাচীন গড়-পুখুৰীৰ চিন আছে। শ্ৰীযুত চিন্তাহৰণ পাটগিৰীৰ মতে এযে প্ৰাচীন বেজিনী নগৰ। (প্ৰাচীন “বৰনগৰ” ৪০ পৃঃ) এই দুই নগৰৰ শাসন-ভাৰ বেঙ্কটগিৰীৰ ওপৰত আছিল। বেঙ্কটগিৰীৰ বংশধৰসকলে কাপলা, নসত্ৰ, শিংৰাত সত্ৰ স্থাপন কৰিছিল। এওঁৰ বংশধৰসকল বৰ্তমানে কামৰূপৰ কাপ্ল, নসত্ৰ, মাখিবাহা আদিত বাস কৰে। তা স্বাধীন যুগত উল্লেখিত ভুঞাসকলৰ বংশধৰসকল--এই সম্বন্ধে “স্বাধীন যুগত” মূল ভূঞা- সকলৰ নাম উল্লেখ কৰি প্ৰত্যেক বংশধৰসকল ক’ত ক’ত আছে অতি সংক্ষিপ্ত ভাৱে উল্লেখ কৰি আহা হৈছে। এই সকলৰ অলপ বিস্তাৰিত বিবৰণ প্ৰত্যেক বংশলতাৰ লগত দিয়া হৈছে; দ্বিৰুক্তিৰ ভয়ত যাত সেইবোৰ উল্লেখ কৰা নহল। * ৪ কায়সকলৰ কৰ্ম আৰু গুণ-বংশাৱলীবোৰ দেখিলে বুজিব পাৰিসকলো কাধাৰণ

  • অন্যান্য প্ৰধান কায় বিষয়াসকলৰ কৰা “বাৰাৰ কথা লিখোতে প্ৰত্যেক ভূঞাৰ লগে লগে উন

বিক্তিৰ উমত লিখা নহল।