সমললৈ যাওক

পৃষ্ঠা:প্ৰাকৃত বিজ্ঞান.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৮)


কৰি ধৰি থাকে তাক ৰসায়ণিক আকৰ্ষণ বা ৰসায়ণিক সম্বন্ধ বোলে।

 ৰসায়ণিক আকৰ্ষণৰ দ্বাৰাই জলজান আৰু অম্লজানৰ সংযোগ হৈ পানীৰ উৎপত্তি হয়; বিন্দ্বাকৰ্ষণৰ দ্বাৰাই পানীৰ বিন্দুবিলাক একেলগ হৈ থাকে।

 কিন্তু বস্তুৰ বিন্দুবিলাকত কেৱল বিন্দুৰ আকৰ্ষণেই যে কাৰ্য্য কৰে এনে নহয়; ইয়াৰ বাহিৰেও আৰু এটি শক্তি আছে যাৰ দ্বাৰা বস্তুৰ বিন্দুবিলাক সদাই লৰি বা কঁপি থাকে, আৰু ইটোৰপৰা সিটো বেলেগ হবলৈ চেষ্টা কৰি থাকে। এইটি শক্তিকে তাপ বোলে। পৰীক্ষা কৰি চোৱা গৈছে যে যেতিয়া তাপ প্ৰৱল হয় তেতিয়া বস্তুৰ আকাৰ বাঢ়ে, কাৰণ বিন্দুবিলাক আঁতৰা-আঁতৰি হয়। আৰু যেতিয়া সেই বস্তু চেঁচা হয়, তেতিয়া তাৰ আকাৰ কমে, কাৰণ তেতিয়া বিন্দুবিলাক ওচৰা-ওচৰি হয়। বিন্দ্বাকৰ্ষণ আৰু তাপৰ কম-বেচি হলেই বস্তু টান, দ্ৰৱ বা ভাপ হয়।

দ্বিতীয় আধ্যা।

পদাৰ্থৰ সাধাৰণ গুণ।

 ৮। সকলো বস্তুৰে কিছুমান একেগুণ আছে; অৰ্থাৎ কিছুমান গুণ, টান বস্তু, দ্ৰৱ বস্তু আৰু ভাপ এই তিনিও বিধতে দেখা যায়। সেইবিলাক গুণকে পদাৰ্থৰ সাধাৰণ গুণ বোলে।