এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রহ্লাদ।
(১)
বৈকুণ্ঠপুৰী । দুখ নাই, বেজাৰ নাই খোৱাৰ চিন্তা নাই, পিন্ধাৰ ভাবনা নাই, অমাবস্যাৰ ঘোপমৰা আন্ধাৰ নাই, জেঠৰ বাৰ খন নাই । তাত মাথো গুটিৰ ভৰত দোঁ খাই-যোব৷ গছ কেউফালে ডাবৰৰ চিন চান নোহোৱা নীলা আকাশ কুলু কুলু বৈ যোৱা ফটিকৰ ধাৰ যেন নৈ ।