- প্ৰহ্লাদ- মাক চাৰি হাতীজাকে মূৰতহে তুলি ললে। আমি কি কৰিম?” ৰজা আচৰিত হল। কিন্তু ভাবিলে, কুপুত্ৰ থকাত কৈ মৰাই ভাল। ৰজাই হুকুম দিলে, “ পৰ্বতৰ ওপৰৰ পৰা সাগৰলৈ পেলাই দে।” ঘাতকে তেতিয়াই লৈ গল, পৰ্ববতৰ টিঙৰ পৰা সাগৰলৈ পেলাই দিবলৈ। আকাশছোৱা পৰ্ববত; তাৰ তলতে সাগৰ। সাগৰৰ ঢৌ আহি পৰ্বতত লাগি গাজনিৰ দৰে শব্দ কৰিছে। এই সাগৰলৈকে এতিয়া প্ৰহল৷দক ওপৰৰ পৰা পেলাই দিব। ৰখীযাবোৰে কেনেবাকৈ প্ৰহ্লাদ সাঁতুৰি পাৰ হয় বুলি এটা ডাঙ্গৰ শিলো প্ৰহলাদৰ গাত বান্ধি দিলে। প্ৰল।দৰ লগৰ লৰাবোৰৰ মন মৰি গল। গ্ৰহহ্লাদে কিন্তু সিহঁতক কলে, “ভাইহঁত, ভয় নকৰিবা। যি হৰিয়ে ঘাতকৰ দা ভাঙি দিলে, যি হৰিয়ে দুৰ্দ্দান্ত হাতীক শান্ত কৰিলে, সেই হৰিয়েই মোক আজিও ৰক্ষা কৰিব। ৰজাৰ ৰখীয়াবিলাকে তেনেতে আহি এ হ্লাদৰ হাতভবি বান্ধি প্ৰহ্লাদক সাগৰলৈ দলি মাৰি পঠিয়ালে। সকলোবো ভাবিলে প্ৰহ্লাদৰ আৰু এই বাৰ সাং! কিন্তু কি আচৰিত কথা, প্ৰহ্লাদৰ গাত আঁচোৰ এটাও নালাগিল! প্ৰহলাদৰ [ 9 ]
পৃষ্ঠা:প্ৰহ্লাদ.pdf/৪৩
অৱয়ব