সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ- প্ৰহ্লাদক বান্ধি শাস্তিৰ ঠাইলৈ লৈ গ'ল । প্রহ্লাদক টানি নিওঁতে কাঠচিতীয়া ৰখীয়া কেইটায়ো কান্দি পেলাইছিল । শান্তিৰ ঠাই সদায় ভয়ঙ্কৰ । কেউফালে শগুণ উৰি ফুৰে, শিয়ালে হোৱা দিয়ে, ফেঁচাই নিউ নিউ কৰে । তাৰ যিবোৰ মানুহ সিহঁত আৰু ভয়ঙ্কৰ। সিহঁতৰ মানত মানুহ মৰা এটা ধেমালিহে। কিন্তু তাতো যেন আজি সকলো বেজাৰত মৌন হৈ আছে । প্ৰহ্লাদৰ গাত হাজাৰ শিকলিৰ বান্ধনি, কিন্তু প্রহ্লাদে কেৰেপকে কৰা নাই। তেওঁৰ মূৰৰ ওপৰত ঘাতকৰ তৰোৱাল, মুহূৰ্ত্তাতে তেওঁৰ মূৰৰ ওপৰত পৰিব। কিন্তু তেওঁৰ তালৈ চকু নাই ৷ তেওঁ একমনে গাইছে,--- হৰি ও হৰি চৰণে লাগোঁ । অভয় চৰণে শৰণ মাগো গাওঁতে গাওঁতে তেওঁ সকলো পাহৰিলে। হৰিৰ নামে তেওঁৰ খঙ্গ, দুখ, বেজাৰ সকলো তল নিয়ালে। তেওঁ দৈতাবিলাকৰ হৈ খাটিলে, “তৰি, এই দৈতাবোৰে একো নাজানে । তুমি ইহঁতক ক্ষমা কৰা।” যি ভাল তেওঁ জানে লোকৰ অপকাৰ চিন্তিব পাৰে ? [ ৩২ ]