সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ- হৰিৰ কথা বন্ধ নকৰিলে গুরুশিষ্য কাৰো ৰক্ষা নহ'ব ৷ দুই গুৰুৱে প্ৰহ্লাদক বুঝালে, “হৰিয়ে কাৰো উপকাৰ নকৰে; হৰিয়ে যিমান পাৰে অপকাৰ হে কৰে ; হৰিক মনাৰ কোনো লাভ নাই।” গ্রহহ্লাদে সকলো কথা শুনিলে । হৰি শত্ৰু বুলিলত তেওঁৰ চকুৰ পৰা চল্‌চলকৈ পানী ববলৈ ধৰিলে। কিন্তু গুৰুৰ কথাৰ একো উত্তৰ নকৰিলে । গুৰু গ’লত তেওঁ ওপৰলৈ চাই কলে, “প্রভু, তুমি ইমান মৰমিয়াল ! আমি সুখত থাকি এবাৰো তোমাৰ কথাকে নাভাবোঁ। কিন্তু, তুমি আমাক কি দিয়া নাই ? ৰাতিপুৱাৰ চৰাইৰ গান, ৰাতিৰ তৰাৰ থূপ, সকলোবোৰ দিছা । আইৰ মৰম, বাই-ভনীৰ ভালপোৱা, বন্ধুলৈ হেঁপাহ, এই সকলোবোৰো তোমাৰ সেই মুটুটা ভৰাঁলৰে । কিন্তু, আমি কি অশলাগী, তেওঁ কওঁ 'হৰি শত্ৰু । ছেগ বুঝি আকৌ প্রহ্লাদে দৈত্য ল'ৰাবোৰক বুঝায় : - “অসাৰ সংসাৰ, নাই ইহাত বিশ্বাস । জানি হৰি ভকতিক কৰিয়ো অভ্যাস ॥ মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত। অর্দ্ধেক নিষ্ফলে যায়, জানিবা নিদ্ৰাত ! [ 28 ]