সমললৈ যাওক

পৃষ্ঠা:প্ৰহ্লাদ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-প্রহ্লাদ - এটা বুদ্ধি পাঙ্গি বৰটো খুজিলে, যে সি অমৰ হ'ব পাৰিব । সি ক'লে, “পানী, মাটি কিম্বা শূন্যত যেন মোৰ মৰণ নিমিলে, ৰাতি বা দিনত মোৰ মৃত্যু নঘটে; ধেলু, কাঁড়, ফাঁঠি, জোং, গদা আদি একো অস্ত্ৰৰ দ্বাৰা যেন মোৰ মৰণ নহয় । “নমাৰিবে৷ ৰাত্ৰিত দিনত মৃত্যু নৌক, অস্ত্ৰে সস্ত্ৰে মাৰিবাক নোৱাৰোক মোক ॥ ” এইবাৰ ব্ৰহ্মাই, তথাস্তু বুলি কৈ গুছি গ'ল । হিৰণ্য- কশিপুরে ভাবিলে সি ব্ৰহ্মাক বাৰুকৈয়ে ছলিলে। এতিয়া৷ আৰু তাক কোনে কি কৰিব? এতিয়া সি হৰিক ভালকৈ এশিকনি দিব পাৰিব । [ ১৪ ]