সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতিমা।

হৃদয়ৰ মন্দিৰত লুকুৱা প্ৰতিমা
 ভাষা নাই কিৰূপে বুজাওঁ !
আগন্তুক সহস্ৰ চকুৰ অনুৰোধ
 শক্তি নাই কিৰূপে এৰাওঁ ?
“প্ৰতিমা প্ৰতিমা” ৰৱে ব্যাকুল কৰিলে,
 চাব খোজে হিয়াৰ বিকাশ।
কুচিমুচি আগুৱায় দুৰ্ব্বল হৃদয়
 দিবলই এফেৰি আভাষ ।
নিমাতী হিয়াৰ কিন্তু মাত পোৱা টান
 হৃদয় যে ইমান লাজুক !
সখী চিত্ৰলেখা মোৰ কল্পনা সুন্দৰী—
 সমিধান দিয়াঁ আহি মোক ।
আধা ফুটা আবেগৰ ইমান জুমুৰি
 দিলোঁ মেলি হৃদয় দুৱাৰ
যত ইচ্ছা দৰ্শকৰ চক জুমি জুমি
 ভুলে যদি সন্তাপ মনৰ।