সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

“হাতো নেমেলিবি, ফুলো নিছিঙিবি,
 ক'ৰে নাৱৰীয়া তই?
মানুহে ফুলৰ কিজানে আদৰ?
 তেজীমলাহে মই।"

সুখগীত।

জিলিকা পাখিৰে হাঁহে ৰবিৰ কিৰণ
জিলিকি পখিলা নাচি ফুৰে আগণন।
যতনৰো জিলিকনি চোৱাঁ, হেৰা চোৱাঁ,
সোণালি ৰেণুৰ মউমাখি ভাৰ বোৱা।

জীৱনৰো আলিকাষে ফুৰিছে উফৰি
জিলিকি সপ্নৰ সুখ— মৰম লাহৰী।
সপ্ন গুচি এয়ে সঁচা চকুৰ আগত,
যদি চাব জানা এই সুন্দৰ জগত।

চোৱাঁ যেন চোৱাঁ হেৰা, জিলিকনি-মৰা
সংসাৰৰ সুখবোৰ উৰি উৰি ফুৰা!
নখে মাটি লেখা খোজে তলমূৰ হই
নফুৰিবা পৃথিবীত পখিলা নেচাই।

৫৪