সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বনকুঁৱৰী।
 

কপৌৰ বাঁহলৈ উৰি গল কোনো,
 দিলে গৈ চুমা একণি।
খোপাত পিন্ধিছে বন পখিলা,
 আটাই আপোন ধন।
বন ফুলৰ মৌ পীছে কোনোৱেবা,
 শান্ত হ মানুহ মন।
কি দেখিছ সৌ শ্যামল পাটীত
 ছঁয়াত বা কিনো চাম!
নীল চুলি মেলাইছে কোনে নো বা–
 মুখনি উজল শ্যাম।
মৰকত মণি জিলিকে শিৰত—
 দেবী হব বন কুঁৱৰী।
মুকুতাৰে অঁৰা লগতে ইজনা
 জলৰ দেবী নীয়ৰী।
চুলি বান্ধি দিছে কুঁৱৰীৰ মেলি,
 খোপাত আৰিছে মলা,
আগতে অলেখ বনফুল ৰাশি
 ৰূপেৰে গোন্ধেৰে ভৰা।
জুৰজুৰ কৰি আনিলে বতাহে
 উৰাই কেতেকী পাহি,

৩৯