সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জীৱনৰ লগৰীয়া।
 

জীৱনৰ লগৰীয়া।

প্ৰকাশি ঊষাৰ দৰে নিত নতুন
নিবাঁ মোক সুন্দৰৰ সৰগ ৰাজ্যলৈ।
বেলিটিৰ দৰে পঠিয়াবা কামলৈ,
উজলিবাঁ তুমি মোৰ গোটেই ভুবন।
সন্ধিয়াৰ দৰে মোৰ হৰিবাঁ ভাগৰ
বুলাই কোমল হাত সন্তাপিত গাত।
টোপনিৰ দৰে মোক পেলাবাঁ আবৰি
সপোনত হবা মোৰ ৰহস্য নায়িকা।
আছে হৃদয়ত যিবা আকাঙ্ক্ষাৰ দেশ
সকলোৰে অধিষ্ঠাত্ৰী হবাঁ তুমি আহি।
আকাশ পটত উঠি জোনাইৰ দৰে
প্ৰচাৰিবাঁ জগতত “মৰমেই ধৰম”।
সুন্দৰৰ আৰাধনা তোমাতে অৰ্পিম
প্ৰাণৰ আকাঙ্ক্ষা মোৰ হব একে মুখী।
মানবী জনম হব সৌভাগ্যেৰে পূৰ
আনন্দৰ নিজৰণি তুমি প্ৰাণ মোৰ।

১৫