পৃষ্ঠা:প্ৰতিধ্বনি.djvu/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিধ্বনি
 


(৯০)

গহীন গিৰি-উপত্যকাৰ তীৰ্থ মোৰ পৰ্বতীয়া
দেৱতাৰ লীলাভূমি  কল্পনাৰ কবি-প্ৰিয়া
 যি দিন হল কিৰণময়
 প্ৰাগজ্যোতিষৰ অভ্যুদয়
হিমাদ্ৰি-কোলাত পিন্ধি  মেঘাম্বৰী মেখলা
 সিদিন ধৰি জগত-জিনা জননী মোৰ উজ্জ্বলা,—
 মৰকতৰ শ্যামল গিৰি
 হৰিত-পথাৰ থলে বেঢ়ি
কুঁৱলীৰে আলফুল পাটৰ আঁচল উৰি
 ৰ’দ-কাচলিত ইন্দ্ৰ-ধনুৰ ৰঙিন কল্কা তুলি;—
 তটিনী গল বুকু জুৰাই
 —জোনালীয়ে গা ধুৱাই
—দিগ-বধূৱে নিজান কোণত প্ৰভাতী গীত গাই,
 ভাস্কৰে কণক-ৰাগে দিলেহি জগাই;—
 টিঙে টিঙে ধৱল মঠৰ
 কলচী চৰিল সোণৰ
আকাশ-বন্তি লগালে যত নিতে ইন্দু-অৰুণে
ফুল-ৰেণুৰ অঞ্জলি দি আৰতি গায় পৱনে।

⸺⸺

চ’ত
১৮৩৯ শক