সমললৈ যাওক

পৃষ্ঠা:পাৰ্ছিয়ুছ্‌.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাৰ্ছিয়ছ ১১ কত বছৰ কত দেশ-দেশান্তৰ, নদ-নদী, পৰ্ব্বত-পাহাড়ৰ ওপৰেদি উৰি ফুৰি মেডুছাৰ থকা ঠাই অনুসন্ধান কৰিছে তাৰ লেখ-জোখ নাই ! এইদৰে ভালেমান বছৰ ঘূৰি ফুৰাৰ পিচত অৱশেষত তেওঁ গৰ্গনৰ সেই বাস-ভূমি পালেগৈ ৷ সেই দ্বীপটো অসংখ্য পৰ্ব্বত পাহাড় আৰু গছ-বননি আদিৰে বেৰি থকাৰ কাৰণে সোমাবলৈ বৰ ভয়লগা হৈ আছিল। পাৰ্ছিয়ুছে তালৈ অলপো কেৰেপ নকৰি হাবিৰ মাজলৈ সোমাই গ'ল আৰু পৰ্ব্বত-পাহাড়ৰ আশে-পাশে গা-লুকুৱাই গুহা-.. বাসিনী বাই-ভনী কেই জনীৰ অনুসন্ধান কৰিলে । অলপ পৰৰ পিচত গুহা এটাৰ পৰা ছোৱালী কেইজনীমান ওলাই অহা দেখা পাই পাৰ্ছিয়ুছে লৰালৰিকৈ গৈ জোপোহা এটাৰ আঁৰত লুকালেগৈ, আৰু তাৰে পৰাই মনে মনে সিহঁতৰ আলেখ-লেখ চাই থাকিব ধৰিলে । এনেতে সিহঁতৰ ভিতৰত এজনীয়ে চকুটো সুমুৱাই লৈ দূৰৈত যিবোৰ দৃশ্য দেখিছে সেইবোৰ ইজনীক কৈ গৈছে। তাকে দেখি কিছু সময়ৰ পিচত দ্বিতীয় জনীয়ে মাত লগালে,–“নহয় বাইদউ, চকুটো মোকহে দিয়া, মইহে চাম। তোমালোকে অথনিৰে পৰা সলনা-সলনিকৈ চাই 'আছা, মাথোন মইহে চাব পোৱা নাই ৷ এইদৰে উখনা-ঊখনি লাগি থাকোঁতে প্রথম জনীয়ে মাত লগালে “এখন্তক ৰবাচোন ভনীটিহঁত, সৌ তেনেই কাষতে মানুহ এটা লুকাই থকা যেন ম‍ই গম পাইছো......। ” তাই এইদৰে কৈ থাকোতেই দ্বিতীয়জনীয়ে মাত লগালে— “নহয়