সমললৈ যাওক

পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮
চণ্ডিকাখ্যান৷

যোৰহাট মধ্যে গ্ৰাম নাম বালিগ্ৰাম।
ব্ৰাহ্মণৰ নিবসতি আমাৰ জনম॥
তপস্বী কৌশিক ঋষি বংশ প্ৰবৰ্ত্তক।
গোস্বামী পদপী মম জানে সৰ্ব্বলোক॥
জননী দুৰ্গাদেবী পিতা ৰামচন্দ্ৰ।
তাহান অঙ্গজ মই নাম কীৰ্ত্তিচন্দ্ৰ॥
অগ্নিৰ পিঠিত নভ বসু চন্দ্ৰ মানে।
শকাব্দে আষাঢ় মাসে ভূমি পুত্ৰ দিনে॥
চণ্ডীৰ চৰণ পদ্ম ধৰি হৃদয়ত।
পদ বন্ধে চণ্ডীপদ কৰিলো সমাপ্ত॥
ন্যুনাধিক দোষ যদি আছয় ইয়াত।
চণ্ডিকাৰ গুণে হৈব অৱশ্যে খণ্ডিত॥
মুনিৰো যে মতি ভ্ৰম হোৱে কদাচিত।
আমি অতি অল্পমতি দোষ অসংখ্যাত॥
জ্ঞানীজনে সৰ্ব্ব দোষ কৰিব মৰ্ষণ।
নকৰে সিসবে পৰ দোষ উদ্‌ঘাটন।

সম্পূৰ্ণ।