ভাবৰ নিচিনা নহয়। ইয়াৰ সহস্ৰ মুখ। ই নানা প্ৰকাৰে প্ৰকাশিত হয়। সেই দেখি তেওঁবিলাকৰ মুখ জাপ খাই থকাতো এই ভাব অন্তৰে অন্তৰে তো কোৱাকুই কৰিব পাৰিছিল।
এই বিলাক সুখ সমাজিকৰ মাজতে হঠাৎ পদুমৰ চেতনা হল; অকস্মাৎ তেওঁৰ মূৰত আকাশ চুৰগ ভাগি পৰিল। তেওঁৰ সখীয়েক আহি হঠাতে এটা আমঠু কলা পুৰি যোৱা বাতৰি তেওঁক দিলে। বাতৰি শুনি চৰগ-পৰা যেন হৈ অলপ মান থৰ হৈ থাকি তেওঁ লুটি খাই পৰিল। সখীয়েকে তেল প!নী আনি মূৰত থপিয়াই দি বিচি বিচি পদুমৰ চেতনা আনিলে। জ্ঞান পাই তৰা যেন চকু দুটি মেলি লাহেকৈ পদুম সুধিলে: সখি, তুমি ধেমালি কৰিছা নেকি? ধেমালি কৰিছো বুলি কোৱা সখি!”
“মইনো এনেবোৰু কথালৈ তোমাৰে সৈতে ধেমালি কৰোনে সখি?” এই বুলি সখীয়েকে ৰিহাৰ আঁচলেৰে নিজৰ চকু-লো টুকিবলৈ ধৰিলে। পদুমে আকৌ সুধিলে --একেবাৰে বিৱাৰ ঠিক কৰি চিঠি দিলেনে? সখীয়েকে উত্তৰ দিলে – “এৰা ঠিক কৰি চিঠি দিলে। আকৌ শুনিছোঁ বোলে ৰাজকোৱৰ বিয়াৰ নিমিত্তে তাৰ পৰা আহিলেই, কালি আজিতে পাবহি ”
সখীয়েকৰ কথাৰ অন্তত পদুমে ” সূৰ্য্য! সূৰ্য্য়!" বুলি দুবাৰ মাতি আকে। মুচকচ্ গণ স্বয়কে বৰ যতনে আকে) পদুমৰ চেতনা আনি কলে, "সখি! বিপদকালত ধৈৰ্য্য ধৰিব লাগে, অস্থিৰ হলে কি হব? লাজ কৰি থাকোঁতে থাঁকোতে জোৰ পুৰি হাত পালেহি। আইক মই সকলো কথ” ভাঙ্গি চিঙি কওঁ , বোলো সূৰ্য্যইহে পদুমৰ স্বামী, সূৰ্য্যৰ বাহিৰে পদুমে কাকো নাজানে। আয়ে দেউতাৰ আগত কৈ বিয়া 'ভাঙ্গি দিয়ক।”