সমললৈ যাওক

পৃষ্ঠা:পচতি.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে



পাতনি।

  এই পুথিখনি ছপা হৈ নোলোৱা বাবে বৈষ্ণৱ সকলৰ বৰ ডাঙ্গৰ অসুবিধা আছিল। সকলো ঠাইতে এই পুথি পোৱা নেযায় অথচ যদি কোনো এঠাইত মানুহে পচতি নাম গোৱা দেখে, তেনেহলে দেখোতাই সেই পুথিখন পাবলৈ বৰ ব্যগ্ৰ হয়। কিন্তু অসমীয়াৰ পৰস্পৰ হিংসা ভাৱ থকাৰ নিমিত্তে কেৱে কাকো নিদিয়ে বা নিশিকায়। আমি বৰ যতন কৰি এই পুথিখন সংগ্ৰহ আৰু প্ৰকাশ কৰিলোঁ। আশা কৰোঁ, ই এটা ডাঙ্গৰ অসুবিধা গুছাব। এতিয়া ইয়াৰ দ্বাৰা বৈষ্ণৱ সকলৰ আগ্ৰহ পূৰ হোৱা দেখিলে আৰু পৰমেশ্বৰৰ গুণ-কীৰ্ত্তন সকলো ঠাইত প্ৰচলিত হোৱা দেখিলে, প্ৰকাশকে শ্ৰম সফল জ্ঞান কৰিব। গায়ক সকলৰ সুৰ লগোৱাৰ সুবিধাৰ নিমিত্তে বন্ধনিৰ ভিতৰত কিছুমান শব্দ দিয়া হৈছে। এই পুথিৰ লিখক বহুতো; কিন্তু সৰহ ভাগ মহাপুৰুষ শ্ৰী শ্ৰী৺শঙ্কৰ দেৱৰ ৰচিত হোৱা গতিকে পুথিৰ ওপৰত তেৰাৰেই নাম দিয়া হল। ইতি—

লহকৰ পৰা
৪৬১ শঙ্কৰাব্দা
৫ জেঠ
প্ৰকাশক।