পৃষ্ঠা:পচতি.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
পচতি।

যশোদায়ো হাসন্ত বিস্ময় দেখি কৰ্ম্ম।
পীড়িলেক ভাগৰে শৰীৰে বহে ঘৰ্ম্ম॥
মাতৃৰ দেখিয়া শ্ৰম পাছে মনে গুণি।
কৃপাময় কৃষ্ণে বান্ধ লৈলন্ত আপুনি॥১৭॥
মোহোৰ অধীন ইতো যতেক জগত।
ময়ো ভকতৰ বশ্য দেখায়া লোকত॥
সত্য কৰিবাক লাগি নাৰদৰ বাণী।
লাসে লাসে নেন্ত কৃষ্ণে উৰুখল টানি॥১৮॥
মাৱৰ ভিতিক লাগি চান্ত টেৰ কৰি।
দেখিলে আউৰ জানো নেন্ত মাৰি ধৰি॥
জুপি জুপি যান্ত অতি সঙ্কোচিত কায়।
মাজ ভৈল অৰ্জ্জুনৰ উৰল ঘসাই॥১৯॥
অৰ্জ্জুনত লাগি ভৈল উৰল পথালি।
কঙ্কাল ফান্দিয়া টান দিল বনমালি॥
আজোৰে লাগিয়া দুয়ো বৃক্ষ সেই তালে।
উভৰি পৰিল চণ্ড শবদ আস্ফালে॥২০॥
তাৰ হন্তে দুয়ো দেৱ ৰাজ ভৈলা পাছে।
মূৰ্ত্তিমন্ত অগ্নি যেন প্ৰকাশন্তে আছে॥
বুলিলেক স্তুতি দুয়ো কুবেৰ নন্দন।
নিজ স্থানে কৰি গৈল কৃষ্ণক বন্দন॥২১॥
গোপ শিশুগণে বোলে শুনিয়োক বাণী।
কৃষ্ণে ভাঙ্গিলন্ত মাজে উৰুখল টানি॥