পৃষ্ঠা:পচতি.djvu/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২য় আধ্যা।
 


শ্ৰীকৃষ্ণৰ জন্ম।

⸻⸻

দিহা

গোবিন্দ গোকুলে শ্ৰীধন (এ, এ,) মন
মোহন ৰাম॥

পদ।

পাচে দৈৱকীক মাতিলন্ত দেৱগণে।
থাকিয়োক মাৱ ভয় নকৰিবা মনে॥
বিষ্ণু বাসা লৈলে আসি গৰ্ব্ভত তোমাৰ॥
হেন দেখি ভৈল বৰ আনন্দ আমাৰ॥১॥
মাৰিবেক কংসে আক নকৰিবা ভয়।
ৰাখিবন্ত যদুবংশ তোমাৰ তনয়॥
দৈৱকীক বুলি হেন আশ্বাস বচন।
আপোন থানক চলি গৈলা দেৱগণ॥২॥
শুক নিগদতি ৰাজা শুনা পৰীক্ষিত।
ৰোহিণী নক্ষত্ৰ যেবে ভৈল উপস্থিত॥