পৃষ্ঠা:পখিলা.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পখিলা

ডক্টৰ বাণীকান্ত কাকতি আমাৰ ভাষাৰ এগৰাকী শ্ৰেষ্ঠ ভাষাবিদ আৰু সমালোচক। তেওঁৰ সমালোচনাত প্ৰাচ্য আৰু পাশ্চাত্য ভাব-চিন্তাৰ সুসমন্বয় ঘটাত সিবোৰ এক বিশেষ ধৰণৰ সাহিত্য-সম্পদৰূপে চিহ্নিত হৈছে।

‘পখিলা’ গ্ৰন্থত অন্তৰ্ভুক্ত ‘তুলসীদাস’ সন্ত- কাহিনী। ‘এমুঠি সৰিয়হৰ গুটি’ বুদ্ধ-জীৱন- কথাৰ অন্তৰ্গত। ‘নাম-সাহিত্য’ পুৰণি মিছৰৰ কাহিনী৷ ‘মাছ-অৱতাৰ’ বেবিলনৰ উপকথা। ‘সোণালী পৰশ’, ‘অমৰ প্ৰেমিক’, ‘অৰূপ ধুনীয়া তিৰোতা’, ‘মহিলাৰ মহাসভা’ আৰু ‘ডাৱৰ’ প্ৰাচীন গ্ৰীচৰ পুৰাণ-কথা বা নাটকীয় কাহিনী। নাৰায়ণ-ৰূপী জোঁৱাই’ ভাৰতীয় পুৰাণৰ গল্প। ‘নৰকাসুৰ’ কামৰূপৰ কালিকা- পুৰাণৰ কথা। ‘পখিলা’ৰ কেয়োটি লেখাই তুলনামূলক লোক-কলাৰ অধ্যয়নৰ সামগ্ৰী হৈ পৰিছে। কিশোৰৰ উপযোগী কথন-পদ্ধতিৰ পুথিখনিয়ে সকলো স্তৰৰ পাঠককে আকৰ্ষণ কৰিব পাৰিব।