সমললৈ যাওক

পৃষ্ঠা:নৰকাসুৰ বধ.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২৪ )

ইন্দ্ৰক জিনিয়া, মাধবে স্বৰ্গৰ
 আনিলন্ত পাৰিজাত॥ ৯০ ॥
শুনা অভিমন্যু সুত, দেখা কেনে অদভুত,
 ইন্দ্ৰ আদি দেৱৰ অন্যায়।
কিৰীটিৰ আগে যাৰ, চৰণ পৰশি আসি,
 গোচৰ কৰন্ত সৰ্ব্বদায়॥
হেন দেৱ যদুৰাই, ইন্দ্ৰৰো সাধন্ত কাৰ্য্য,
 দেৱকো ৰাখন্ত দিনে ৰাতি।
যাত হন্তে জীবে খাই, তাহাক মনত নাই,
 দেবতাত দেখিও সম্প্ৰতি॥ ৯১॥
শুনা শুদ্ধ বুদ্ধ জন, নিজ বন্ধু নাৰায়ণ,
 ভজিওক তাহান চৰণে।
ধনগৰ্ব্বে মত্ত হুয়া, মহন্ত জনৰ দয়া,
 দেখিও নেদেখে মুঢ় জনে॥
মহন্তৰ মুখে যাত, শুনয় পৰম তত্ত্ব,
 ভুকুতি মুকুতি যাত পাই।
তথাপিতো মহন্তক, প্ৰসন্ন বদন কৰি,
 সাদৰে নামাতে মুখ চায়॥ ৯২॥
হেন জানি নৰ লোক, অহঙ্কাৰ এৰিওক,
 ইটো গৰ্ব্বে নকৰে কল্যাণ।
অনন্ত কন্দলি ভনে, হৰিবোলা সৰ্ব্বজনে,
 কেতিক্ষণে পৰে ইটো প্ৰাণ॥

____

অন্ত