পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জাতি গুণ।


তক বিচাৰিবলৈ ওলাল। ইফালে সিফালে অনেক ঠাইত বিচাৰি নাপাই অৱশেষত সেই গহ্বৰত দেখিলে। সিহতে তাতে শুই আছে। তেওঁ সিহতৰ নিমিত্তে বৰ চিন্তা কৰিছিল। সিহঁতক দেখা পাই অতি আনন্দিত হৈ সিহঁতৰ ওচৰলৈ চাপি গল। কিছু সময়ৰ পাছত তেঁও সিহতক সেই পত্ৰ শয্যাৰ পৰা তুলি অনেক তিৰস্কাৰ কৰিলে। কিন্তু পাছে ককায়েকে ভায়েকৰ কেনেকৈ কষ্ট নিবাৰণ কৰিলে তাক জানি তেঁও বৰ সন্তোষিত হল। আৰু ভায়েকৰ প্ৰতি যে ইমান মৰম আছে এই বিষয়তো বৰ আনন্দ পাই তাক সেই বাবে প্ৰশংসা কৰি তিনিও জন ঘৰলৈ গুছি গল।



জাতি গুণ।

 কোনো এখন বনত এটা সিংহ আৰু সিংহিনী বাস কৰিছিল। এদিন সিংহিনীৰ দুটী পোৱালী প্ৰসব হল। সিংহে সদাই পশু মাৰি আনি সিংহিনীক দিয়েহি। এদিন একো আহাৰ বিচাৰি নাপাই গধুলি পৰত সিংহ উভতি আহোঁতে বাটত এটী শিয়ালৰ পোৱালী লগ পাই, পোৱালীটি সৰু দেখি