পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পক্ষী, ব্যাধ, ৰজা আৰু অমাত্য।

 কোনো এটা পৰ্ব্বতত এজোপা গছ আছিল। তাতে দিম্ভক নামে এটা পক্ষী বাস কৰিছিল। সেই পক্ষীৰ বিষ্ঠাৰে সোণ হয়। এসময়ত এটা ব্যাধে পক্ষী ছিকাৰলৈ গৈছিল। সেই পক্ষীয়ে ব্যাধৰ ওচৰতে বিষ্ঠা ত্যাগ কৰাত সেই বিষ্ঠা সোণ হোৱা দেখি ব্যাধ আশ্চৰ্য্য হৈ কলে, “ইকি আচৰিত! আজি মই ৮০ বছৰ ব্যাধৰ ব্যবসায় কৰিছোঁ তথাপি এদিনলৈ পক্ষীৰ বিষ্ঠাত সোণ হোৱা দেখা নাই। এই ভাবি সেই বৃক্ষত জাল বান্ধিলে। সেই মূৰ্খ পক্ষীয়ে নিষ্ঠুৰ ব্যাধৰ জালত পৰি ছট ফট ধৰ ফৰ কৰিবলৈ ধৰিলে। ব্যাধে তাক জালৰ পৰা এৰুৱাই সজাত সুমাই লৈ ঘৰলৈ গুছি আহিল। পাছত ব্যাধে ভাবিলে যে “মই এই অমঙ্গলকাৰী পক্ষী নি কি কৰিম; যদি ৰজাই ইয়াৰ গুণৰ কথা শুনিবলৈ পায় তেন্তে নিশ্চয় মোৰ প্ৰাণ সংশয় হব। অতএব এই পক্ষীক নিজেই ৰজাক দিওঁ।” ৰজাই পক্ষী পাই আৰু তাৰ গুণৰ কথা শুনি বৰ সন্তোষ পালে আৰু আদৰেৰে গ্ৰহণ কৰিলে। পাছে মন্ত্ৰীয়ে