সমললৈ যাওক

পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নীতি কথা।

ভ্ৰাতৃস্নেহ।

 ইউৰোপৰ মাজত সুইটজৰ্লাণ্ড নামে এখান দেশ আছে। ইয়াৰ সকলো ফালে পৰ্ব্বত। এই পৰ্ব্বত বিলাক প্ৰায় বৰফেৰে ঢকা। এই নিমিত্তে সেই দেশত শীতৰ প্ৰাদুৰ্ভাব অধিক। এদিন সেই দেশৰ দুটা লৰাই বৰফৰ ওপৰত লৰি ধাপৰি ৰং ধেমালি কৰি আছিল। সেই লৰা দুটী সহোদৰ ভাই। বৰটীৰ বয়স ৯ বছৰ ও সৰুটীৰ ৫ বছৰ। সিহতে ধেমালি কৰি থাকোঁতে থাকোঁতে ওচৰৰ হাবি এডোখৰত প্ৰবেশ কৰি বাট হেৰুৱাই ওলাব নোৱাৰা হল। ই পিনেও বেলি মাৰ যাব লগিয়া হোৱা দেখি সিহতে ভয়ত বৰ ব্যাকুল হৈ পথৰ অনুসন্ধান কৰিবলৈ ধৰিলে কিন্তু পথৰ একো নিৰ্ণয় কৰিব নোৱাৰি উচ্চৈঃস্বৰে কান্দিবলৈ আৰম্ভ কৰিলে।

 বৰ লৰাটীৰ বয়স যদিও কম তত্ৰাপি তাৰ বুদ্ধি বিবেচনা কিছু অধিক আছিল। সি বিবেচনা কৰিলে, যিমান চেষ্টা কৰোঁ এই হাবিৰ পৰা কেতিয়াও আমি ওলাব নোৱাৰিম। মিচাই চেষ্টা কৰা উচিত নহয়। এই হাবিতে ৰাতিটো কটাব লাগিব। কিন্তু বৰফৰ ওপৰত শয়ন কৰিলে দুইওটীৰে প্ৰাণ