পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দয়াৰ ফল

 এটা সিংহে পৰ্ব্বতৰ গুহাত শুই আছিল। দৈবাত এটা এন্দুৰ সেই পিনেই যাওতে যাওতে সিংহৰ নাকৰ ভিতৰত সোমাল। সোমোৱা মাত্ৰকেই তাৰ টোপনি ভাগিল। পাছে এন্দুৰ নাকৰ পৰা ওলালত, সিংহে ঈষৎ কুপিত হৈ নখ প্ৰহাৰ কৰি তাৰ প্ৰাণ বধ কৰিবলৈ উদ্যোগী হল। এন্দুৰে প্ৰাণৰ ভয়ত কাতৰ হৈ বিনয় কৰি কলে, “মহাৰাজ! না জানি অপৰাধ কৰিছোঁ ক্ষমা কৰি মোৰ প্ৰাণৰক্ষা কৰক। আপুনি সকলো পশুৰ ৰজা, মোৰ নিচিনা ক্ষুদ্ৰ জীৱৰ প্ৰাণ বধ কৰিলে আপোনাৰ কলঙ্ক আছে। সিংহই শুনি মিচিকিয়াই হাঁহি এন্দুৰক এৰি দিলে।

 এই ঘটনাৰ কিছু দিনৰ পাছত সিংহ ইফালে সিফালে ভ্ৰমণ কৰোঁতে এটা শিকাৰীৰ জালত পৰিল। সি বিস্তৰ চেষ্টা কৰিও একো প্ৰকাৰে জালৰ পৰা মুক্ত হব নোৱাৰিলে। অবশেষত প্ৰাণ ৰক্ষাৰ বিষয়ে নিতান্ত নিৰাশ হৈ সি এনে ভয়ানক চিঁয়ৰ মাৰিলে যে সকলো অৰণ্য তোলপাৰ কৰিবলৈ লাগিল।

 সিংহই যি এন্দুৰক প্ৰাণদান কৰিছিল সি এই অৰণ্যৰ ভিতৰত কিছু দূৰৈত বাস কৰি আছিল। এতিয়া সি পূৰ্ব্ব প্ৰাণদাতাৰ মাত জানিব পাৰি সত্বৰে সেই স্থানত উপস্থিত হল আৰু তাৰ এই বিপদ দেখি অতি শীঘ্ৰেই জাল কুটিবলৈ আৰম্ভ কৰিলে আৰু জাল কুটি কুটি সেই সিংহক সেই বন্ধনৰ পৰা মুক্ত কৰি দিলে।

 কোনো মানুহক দয়া কৰিলে সেই দয়া নিস্ফল নহয়। যি যিমান ক্ষুদ্ৰ প্ৰাণী হোক বা নোহোক সিও কেতিয়াবা প্ৰত্যূপকাৰ কৰিব পাৰে।