পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
তিনটী মাছৰ উপাখ্যান।


উচিত, এতেকে, ইয়াক মাৰোঁহঁক।" এই কথা শুনি শিয়াল পলাবলৈ উপক্ৰম কৰোঁতেই সিংহই তাক ডোখৰ ডোখৰ কৰি পেলালে।


জাতীয় স্বভাৱ গোপন কৰা বৰ টান।

তিনটী মাছৰ উপাখ্যান।

 কোনো এখান জলাসয়ত বিধবা, প্ৰত্যুৎপন্নমতি, আৰু ষদ্ভবিষ্য নামে তিনটী মাছ ● বাস কৰিছিল। এদিন জালোৱা কেটামান সেই পিনে আহোঁতে জলাসয় দেখি কলে যে “ইয়াত অনেক মাছ আছে, আমালোকে ইয়াত কেতিয়াও মাছ মৰা নাই। আজি সময় নাই হেন জানি কালিলৈ আহি এই বিলত মাছ মাৰিমহি।”

 জালোৱা ডোমৰ সেই বজ্ৰপাত তুল্য বাক্য শুনি বিধবাই সকলে৷ মাছবিলাকক কলে, “আজি ডোম হঁতে যি কৈছে তাক তোমালোকে শুনিছা। ৰাতি পুৱাই সিহঁতে আহি আমালোক সকলোটীকে বিনাশ কৰিব। এতেকে আমি অন্য জলাসয়লৈ গুছি যাওঁ বলা। সেই কথা শুনি প্ৰত্যুৎপন্নমতি যে কলে সঁচানে; তেন্তে যাঁও বলা। তেওঁলোক দুজনৰ কথা শুনি