পৃষ্ঠা:নীতি কথা- বিষ্ণুপ্ৰিয়া দেৱী.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
সিংহ আৰু শিয়ালৰ কথা।


এই তাৰ ডিঙ্গিটো লৈ আহিছোঁ। এতিয়া কোনেও একো চিন্তা নকৰিবা, সকলোটীয়ে নিৰাপদে এই সৰোবৰতে বাস কৰি থাকা।”

সিংহ আৰু শিয়ালৰ কথা।

 কোনো এখান বনত চণ্ডৰব নামে এটা শিয়াল বাস কৰিছিল। সি এক সময়ত ভোকত এখান নগৰত আহাৰ বিচাৰিবলৈ প্ৰবেশ কৰিলে। সেই নগৰৰ কুকুৰ বিলাকে তাক দেখি কামুৰিবলৈ ধৰিলে। শিয়ালে কামোৰত চেষ্টা নাপাই লৰমাৰি এটা ধোবাৰ ঘৰত সোমাল। তাতে এটা চৰুত নীলৰ পানী এচৰু আছিল। শিয়ালটে৷ তাতে পড়িল। তাৰ পৰা উঠিলত তাৰ গাটো নীলবৰণীয়া হৈ গল। পাছে কুকুৰ বিলাকে তাক দেখি শিয়াল হেন নাভাবি উভতি গুছি গল।

 চণ্ডৰবে সেই অবকাতো, অৰণ্যলৈ প্ৰস্থান কৰিলে। অৰণ্যৰ সিংহ বাঘ ইত্যাদি জন্তু বিলাকে তাক দেখি ভয়ত ব্যাকুল হৈ