সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
নীতি-শিক্ষা

৬। আধ্যা।

⸺:✷:⸺

স্বাস্থ্য।

 শৰীৰৰ নিৰোগী অৱস্থাক স্বাস্থ্য বোলে। স্বাস্থ্য থাকিলে মানুহৰ গাত বল আৰু উৎসাহ থাকে। এই বল আৰু উৎসাহৰ গুণেৰে মানুহ ধনী, মানী, আৰু সুখীয়া হব পাৰে।

 যাৰ স্বাস্থ্য নাই, তাৰ একোৱেই নাই! তাৰ গাত বল নাই, তাৰ অন্তৰত শান্তি নাই, তাৰ মনত উৎসাহ নাই। গতিকে ধন, মান, সুখ তাৰ একোৱেই নাই। তাৰ মন দুখেৰে ভৰা; তাৰ শৰীৰ এটা বলে নোৱাৰা শিলৰ নিচিনা। এতেকে, তুমি পাৰাঁমানে স্বাস্থ্য ৰাখিবলৈ যত্ন কৰিবাঁ। যি কাম কৰিলে স্বাস্থ্য ভাগি ৰোগ হয়, তেনে কাম তুমি কেতিয়াও নকৰিবাঁ।

 স্বাস্থ্য ৰাখিবলৈ হলে তুমি ঘাইকৈ এই বিলাক কথা মনত ৰাখিবাঁ। যেনে, —তোমাৰ থকা ঘৰ শুকান আৰু ফৰকাল হব লাগে, তোমাৰ শোৱা খোঁটালীলৈ বতাহৰ চলাচল থাকিব লাগে; তুমি নিতৌ গা ধুই চাফ্‌-চিকণ হৈ থাকিবাঁ, তুমি সদায় নিকা কাপোৰ পিন্ধিবাঁ, তিতা বা সেমেকা কাপোৰ পিন্ধি সৰহ পৰ নাথাকিবাঁ, তুমি সদায় জোখাকৈ আহাৰ কৰিবাঁ; বাৰেমছল৷ দিয়া আঞ্জা পেটলৈ ভাল নহয়, তেনে আঞ্জা তুমি সৰহকৈ