সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ৰজা আৰু মকৰা।


খেতি কৰাওঁতে আনক কামলৈ পাচি নিজে ঘৰত বহি আছিল। মই আনৰ ওপৰত নিৰ্ভৰ নকৰোঁ, আপুনি কৰিছিল। সেইকাৰণে, খেতিৰপৰা মোৰ বহুত লাভ হৈছে; কিন্তু তাৰপৰা আপোনাৰ ধাৰ লাগিছিল।

ৰজা আৰু মকৰা।

কতনা প্ৰবন্ধে পাচে ৰজা গদাধৰে
নোৱাৰি পুৰাব আশা বহু যতনেৰে,
নীৰলে নিৰাশ মনে নিজান গুহাত,
প্ৰকাশি মনৰ খেদ কয় আপোনাত;—


“মিছা হল যত্ন মোৰ, অসাধ্য মানিলোঁ,
অযথা ভাবনা ভাবি সমুলি বুৰিলোঁ।
এৰিলোঁ ৰাজ্যৰ আশা, নকৰোঁ কামনা,
ইদৰে কতনা আৰু সহিম যাতনা!”


এনেতে মকৰা এটি ওপৰৰপৰা
পৰিল আগতে আহি হই আধামৰা;
দেখি তাৰ দুৰদশা ৰজাৰ মনত
উপজিল দয়া ভাব থাকি ওচৰত।


ভাবিলে ৰজাই, “দেহি, ইয়ো মোৰে দৰে
পাতিছিল আশা-জাল ওপৰে ওপৰে;