সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নীতি-শিক্ষা

থিয়-সাঁতৰ দি তেজেৰে ৰাঙলী হোৱা হাতৰ ঠাৰি দুটা ওপৰলৈ তুলি কক্‌বকাবলৈ ধৰিলে! ভায়েকৰ এনে দুৰ্গতি দেখিব নোৱাৰি শেহত ককায়েকো তেওঁৰ লগতে প্ৰাণ দিওঁ বুলি পানীত পৰিবলৈ ওলাল। পিচে, এনে নিৰ্ম্মল ভাতৃ-স্নেহৰ পটন্তৰে নাৱৰ বাকী মানুহবিলাকক বৰকৈ মোহ লগালে। আৰু, সিবিলাকে ককায়েকৰ হৈ প্ৰাণ দিয়া সেই ভায়েকটিক আকৌ নাৱলৈ তুলি ললে।

 সেই বিপদীয়া মানুহবিলাক যেতিয়া গোৱা নগৰত উঠিলগৈ, তেতিয়া নগৰবাসীসকলে সিবিলাকক বেৰি বেৰি চাবলৈ ধৰিলে। আৰু, সেই ভায়েক-ককায়েক দুটিৰ মৰম-চেনেহৰ কথা শুনি সকলো মোহ গল। তাৰ পাচত, সকলোৱে পঁচা তুলি বহুত ধন গোটাই দি সেই মৰমিয়াল ভাই-ককাই দুটিক স্বদেশলৈ পঠিয়াই দিলে।