মাতৃ-স্নেহ।
মহাবীৰ আলেকজেণ্ডাৰৰ নাম তুমি শুনিছাঁ নে? তেওঁ ইউৰোপ মহাদেশৰ এজন বৰ ডাঙ্গৰ বীৰ আছিল। এচিয়া মহাদেশৰ নানা দেশ তেওঁ জয় কৰিছিল। আৰু, গোটেই পৃথিবী জয় কৰিবলৈ তেওঁৰ আকাঙ্ক্ষা আছিল। সেই কালত তেওঁৰ সমনীয়া বীৰ পৃথিবীত আৰু নাছিল। কিন্তু, এনেজন বীৰ মাকৰ ভয়ত কঁপি আছিল। মাকৰ একেষাৰ কথাই তেওঁক বশ কৰিছিল। ইয়াৰ কাৰণ কি জানানে?—ইয়াৰ কাৰণ মাতৃ-স্নেহ।
আলেকজেণ্ডাৰৰ মাকৰ নাম অলিম্পিয়চ্। তেওঁৰ বৰ খং। অলপ কথাতে তেওঁ গালি-শপনি পাৰি বীৰ পুতেক আলেক্জেণ্ডাৰৰ তত্ হেৰুৱায়। আলেকজেণ্ডাৰে সকলো সহি থাকে। এসময়ত এচিয়া মহাদেশৰপৰা লুটি নিয়া ভালেমান বহুমূলীয়াধন-বস্তু মাতৃ-চৰণত সঁপি দি, আলেকজেণ্ডাৰে মাকৰ ওচৰত এই বুলি গোহাৰি কৰিছিল, “মাতৃ! মই আকৌ দেশ জয় কৰিবলৈ যাওঁ। ৰাজকাৰ্য্যৰ ভাৰ মন্ত্ৰী এন্টিপেটেৰৰ হাতত থাকিল। আপুনি ৰাজকাৰ্য্যত যেন তেওঁক হুকা-বধা নকৰে, মোৰ এই মিনতি।” এই কথাত অলিম্পিয়চৰ খং জুইৰ নিচিনাকৈ জ্বলি উঠিল; আলেকজেণ্ডাৰ ভয়ত জঁয় পৰিল।
নিলগত থাকিলে আলেকজেণ্ডাৰৰ মাকলৈ স্নেহ বেচি হে হয়। এদিন অলিম্পিয়চৰ কঠুৱা আচৰণ সহিব নোৱাৰি এন্টিপেটাৰে সেই কথা আলেক্জেণ্ডাৰক চিঠিৰে সৈতে জনাই-