সমললৈ যাওক

পৃষ্ঠা:নীতি-শিক্ষা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পিতৃ-স্নেহ।

দদাই, ভতিজা, মোমাই, ভাগিন, পেহা, মহা, খুৰী, পেহী, মাহী, মাই, ভিনিহি, খুলশালী এনেকুৱা ভালেমান মিতিৰ-কুটুম্‌ আছে। সিবিলাকৰ প্ৰতিও তুমি মৰমিয়াল হবাঁ। তেহে তোমাৰ বল বাঢ়িব। তেহে তুমি শত্ৰুক দমিব পাৰিবাঁ। আৰু, তেহে তুমি সংসাৰত উধাব পাৰিবাঁ।


পিতৃ-স্নেহ।

 মানৰ দিনৰ কথা তুমি শুনিছাঁ নে? বুঢ়ালোকৰ মুখে সেই দিনৰ কথা শুনিলে ভয়ত পেটতে হাত-ভৰি লুকায়! মানহঁত ব্ৰহ্মাদেশৰ মানুহ। সিহঁতে অসম দেশ দখল কৰি, ১৮২৪ খ্ৰীষ্টাব্দৰপৰা ১৮২৮ খ্ৰীষ্টাব্দলৈকে অসমীয়া প্ৰজাক মাৰি-কাটি নানা তৰহৰ শাস্তি দিছিল। অসমীয়া মানুহে সিহঁতৰ উৎপাত্‌ সহিব নোৱাৰি ঘৰ-দুৱাৰ এৰি হাবিয়ে-বননিয়ে ঠাই লৈছিল। আৰু, মানহঁতে কোনো হকা-বধা নোপোৱাকৈ আমাৰ মানুহৰ বয়-বস্তু লুটি দেশ উচন্ নিয়াইছিল।

 সেই উৎপাতৰ সময়ত লক্ষীমপুৰ চহৰৰ নকাৰী গাৱঁত ৰঙা কোৱঁৰ নামে এজন আলৰ বুঢ়া আছিল। কোৱঁৰৰ কেওঁ নাছিল, আটাইবিলাক মাউৰত পৰি ঢুকাল, মাথোন আপুটি নামেৰে পুতেক এটি আছিল। আপুটি ১৬ বছৰীয়া চেঙ্গেৰা ডেকা।সিয়েই ৰঙা কোৱঁৰৰ সকলো। সিয়ে নহলে কোৱঁৰ জীয়াতে