পৃষ্ঠা:নীতিলতাঙ্কুৰ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নীতিলতাঙ্কুৰ।


এতাঃ পঞ্চ তথামিত্ৰং সপ্তমঃ পৃথিবীপতিঃ
সপ্ত প্ৰকৃতিকং ৰাজ্যং প্ৰত্যুবাচ বৃহস্পতিঃ। কা—৮।৫

 কোনো সকলৰ মতে অমাত্য ৰাষ্ট্ৰ কোষ বল দুৰ্গ এই পাঁচকে প্ৰকৃতি বোলে; বৃহস্পতিৰ মতে অমাত্য ৰাষ্ট্ৰ দুৰ্গ কোষ বল মিত্ৰ স্বামী সাতকে প্ৰকৃতি বোলে; অমৰসিংহৰ মতে স্বামী ৰাজা অমাত্য সুহৃদ কোষ ৰাষ্ট্ৰ দুৰ্গবলানিচ ৰাজ্যাঙ্গানি প্ৰকৃতয়ঃ পৌৰাণাং শ্ৰেণী আঠকে প্ৰকৃতি বোলে।

ইতি প্ৰকৃতিপৰিচ্ছেদঃ।

⸻০⸻

 

তৃতীয়ঃ পৰিচ্ছেদ।

মণ্ডলনীতিবৃক্ষবিচাৰঃ।

দ্বাদশাদি প্ৰকৃতিমণ্ডলং কথ্যতে,-

অৰিমিত্ৰমৰেমিত্ৰং মিত্ৰমিত্ৰমতঃ পৰম্
তথাৰিমিত্ৰমিত্ৰঞ্চ বিজিগীষোঃ পুৰস্সৰাঃ।
পাষ্ণিগ্ৰাহঃ স্মৃতঃ পশ্চাদাক্ৰন্দস্তদনন্তৰং
আসাৰবলয়ৌ চৈব বিজিগীষোস্তু মণ্ডলং।
অৰেশ্চ বিজিগীষোশ্চ মধ্যমো ভূমনন্তৰঃ
অনুগ্ৰহে সঙ্গতয়োৰ্ব্য়স্তয়োশ্চ বধে প্ৰভুঃ। কা—৮।১৬-১৮

 অৰি••••••••১•••••••••••'মিত্ৰ"••••••••••১•••••••••অৰিমিত্ৰ"•••••••১ মিত্ৰমিত্ৰ••••••••১••••••••অৰিমিত্ৰমিত্ৰ -১ •••••••••-এই পাঁচোটাকে মণ্ডলৰ আগফালে বুজিব"••••••••••••• ॥ পাঞ্চি গ্ৰাহ•••••••••••১••••• আক্ৰন্দ•••••••••১••••••••"আসাৰ ••••••••১•••••••"বলি.•••• •••১ এই চাইটাকে পাচফালে বুজিব। মধ্যম ভূম্য়নন্তৰ দুইক দুই কোখে বুজিব।