পৃষ্ঠা:নিবেদন.djvu/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
বিহু।


গৰখীয়া ভোল গৈ গৰুকো এৰিলে
 পথাৰতে আছে আজি ৰৈ,
মানুহৰ মাতে ক’ব নোৱাৰা কথাকো
 কয় আজি পেঁপাটিক লৈ।

কোনেনো সাজিলে পেঁপা ইমান কোমল,
 ভাল লাগে শুনি নিলগত,
শুনিলে পেঁপাৰ মাত খৰকৈ বয়
 তেজ-সোঁত মোৰ শৰীৰত।


বিহু।

গাঁৱৰ বাহিৰে গৈ গছৰ তলত
সকলো ছোৱালী মিলি বিহুৰ দিনত
 ৰঙ্গ মনে নাচে গায়,
 যাওঁতায়ো ৰৈ চায়,
  টকা বাজে নামৰ লগত।

পাহৰে সমাজ-বান্ধ উলাহ মনেৰে,
লগ লাগে গৈ তাত মনৰ মিলেৰে,
 তালে তালে মিলি যায়,
 হাতৰ চাপৰি বায়,
  মিলা প্ৰীতি ভাব সকলোৰে।