পৃষ্ঠা:নিবেদন.djvu/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
নেপাওঁ তোমাক ভাল ৷



নেপাওঁ তোমাক ভাল।

নেপাওঁ তোমাক ভাল কদাপি নেপাওঁ,
 তেও দেখোঁ তুমি গলে বেয়া লাগে মোৰ;
তোমাক সদাই দেখা ওখ আকাশৰ
 হ’ব খোজোঁ ময়ো এটি দেখি তৰাবোৰ।

নেপাওঁ তোমাক ভাল, যদিও নেপাওঁ
 তুমি কৰা বন-বাৰি মোৰ মনে ধৰে,
পৃথিবীত আন আৰু যিবা কিবা আছে
 ভালবোৰো অতি বেয়া ৰিজালে তোমাৰে।

নেপাওঁ তোমাক ভাল, তুমি আঁতৰিলে
 খং উঠে মোৰ যদি মধুৰ মাতেৰে
তোমাৰ কথাৰ সুৰ কাণৰ মাজত
 বাজি থকা কোনোবাই আহি ছেদ কৰে।

নেপাওঁ তোমাক ভাল, তোমাৰ চকুৰ
 জ্যোতি আৰু কথা কোৱা, নিৰ্ম্মল গঠন,
টোপনিতো দেখা পাই ভাল লাগে মোৰ,
 নাই লগ পোৱা আৰু তেনে আন জন।