পৃষ্ঠা:নিবেদন.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
নিবেদন।

পপীয়া তৰা।

যিমানে ওচৰ চাপা সিমানে তোমাৰ
 বাঢ়ি যায় দেহৰ জেউতি,
বিদ্যুৎ সঞ্চাৰে আহি পৰা নিলগত,—
 জ্যোতি মাথোঁ তোমাৰ আকৃতি।

সদাই দেখিছোঁ মই বহু নিলগত,—
 মানুহৰ নেচাপা ওচৰ,
পৃথিবীৰ যতমান কণিকা দেহৰ
 সকলোটি তোমাৰ লগৰ।

লোকে কয় তুমি হেনো স্বৰগৰ পৰা
 খহি পৰা পুণ্যৰ অন্তত,
কিবা পাপ থকা বাবে স্বৰগ উকলি
 পোৱা ঠাই পুনু জগতত।

স্বৰ্গ এৰি আহাঁ, তুমি—য’ত বহুকাল
 বঞ্চিছিলা অমায়া সুখত,—
সেইবাবে বতাহত ঠেলা খোৱা যদি
 জলি যোৱা আহোঁতে খঙ্গত।