পৃষ্ঠা:নিবেদন.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
কাৰণ



কাৰণ।

তোমাৰ সুখৰ বাবে চন্দ্ৰ সূৰ্য্য তৰা
 আকাশত জ্বলি আছে বুলি,—
ভাবিলে পৰিবা তুমি ভুল ভাৱনাত
 আদি অন্ত নোপোৱা সমূলি।

ভোল যোৱা কাণ পাতি কুলিৰ মাতত
 গায় বুলি তোমাৰ কাৰণে,
যি কথা নহয় ঠিক, কিয়নো কুলিয়ে
 গায় তাক জনায়েহে জানে।

বতাহত ভাল লাগে যদিও তোমাৰ,
 ভাল লাগে ফুলৰ গোন্ধত;
তোমাৰ কাৰণে কিন্তু বতাহ নবলে,
 ভাল গোন্ধো নোপজে ফুলত।

সকলো কথাৰে তুমি কাৰণ বিচাৰি
 পোৱা গই নিজৰ সুখত;
এনে কথা কেতিয়াও মনতো নানিবাঁ,
 অহঙ্কাৰ সোমাব মনত।