পৃষ্ঠা:নিবেদন.djvu/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
নিবেদন।

সজা লোকে সাজি দিছে সকলে সঁজুলি,
 দিছে বুদ্ধি তোমাৰ দেহত,
পাৰিলে চলাই খালা নহলে হটিলা,—
 পৰাজয় জীৱন-যুঁজত।

ভাবা যদি,-ঈশ্বৰৰ বিধানৰ মতে
 চলি আছা সকলো কামত,
তেন্তে কিয় বল শক্তি সাজি নো ঈশ্বৰে
 আঁৰি দিলে তোমাৰ দেহত?

কৰোতে নিজৰ কাম সজ উপায়েৰে
 কৰা যদি অনিষ্ট লোকৰ,
কি কৰিবা সেইবাবে, নোৱাৰা এৰাব
 বান্ধি থোৱা হাত কৰ্ত্তব্যৰ।

নেলাগে নিজৰ তুমি গৌৰৱ বঢ়াব
 ঈশ্বৰৰ প্ৰিয় পুত্ৰ বুলি,
মহা উদ্দেশ্যৰ তুমি একোকে নুবুজা,—
 —নাই শক্তি বুজাৰ সমূলি।