পৃষ্ঠা:নিবেদন.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
নিবেদন।



পন্থা আৰু প্ৰবৰ্ত্তক।

বহু দেশ-বিদেশত বহুত পুৰুষে
 বান্ধি গ‘ল কেবাটিও পথ,
কেউটিৰ লক্ষ্য একে, স্বৰ্গৰ জখলা,
 ভকতৰ ভকতিৰ ৰথ।

যি খনি ৰথতে উঠি যিটি পথ ল’বা
 পাবাগই স্বৰগ তাৰেই,
যেনেকই ভাবা তুমি যিটি পথে চলা
 পাবাগই একেজনকেই।

প্ৰবৰ্ত্তক সকলোৱে নেসাজে নতুন,
 অনাদিৰ অৰ্থ উলিয়ায়;
নকৰে নতুন জাত, মনতো নেভাবে,
 ভকতেহে লোকক ঘিণায়।

জ্ঞানী লোকে নিজে ডাঠি কদাপি নকয়
 নিজৰ কথাকে ঠিক বুলি,
নিজৰ চৰণ-চাব কামত এৰিব,
 নেযায় ভৰিৰে নিজে তুলি।

চকু থকা লোকে ভাল দেখে অইনতো,
 অইনৰো ভাল গুণ গায়,
লোকক দেখিলে ভাল, নিজৰ ঘৰক
 ঘিণ কৰা বুলি নুবুজায়।