পৃষ্ঠা:নাম-মালিতা.djvu/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮

হৰিক কীৰ্ত্তন মাত্ৰ কৰে ভক্তি ভাৱে।
অনায়াসে সিতো নৰে বিষ্ণুপুৰ পাৱে॥৪৩৮।
নাৰদত কহে ব্ৰহ্মা ইসব বচন।
জিহ্বাক স স্ব ধি পাচে কৰন্ত প্ৰাৰ্থন॥
হে জিহ্বা তঞি ৰস সাবক জানস।
তোৰ প্ৰিয় সদায় মধুৰ মহাৰস॥৪৩৯।
পৰম অমৃত আতি নাৰায়ণ নাম।
কৰিয়াক জিহ্বা তাক পান অবিশ্ৰাম॥
হে জিহ্বা আহ্মত নিস্নেহ ভৈলি কিক।
কেনে তঞি সৰ্ব্বদায় নভাষা হৰিক॥৪৪০।
শুনয়ো কল্যাণী হৰি বোল নিৰন্তৰে।
ছৰিসি পৰম নৌকা সংসাৰ সাগৰে॥
দুষ্ট চিত্ত জনো যদি হৰি সুমৰয়।
তাহাৰো সমস্ত পাপ তেখনে হৰয়॥ ৪৪১
অনিচ্ছাতো ছুইলে যেন দহয় অগণি।
সেহিহাতে হৰি নাম ধৰ্ম্ম শিৰোমণি॥
সমস্ত পাপকো হৰি পুৰ মনস্কাম।
জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম॥৪৪২।