পৃষ্ঠা:নাম-মালিতা.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
﴾ ৫৮ ﴿

শুনা স্বৰূপত যত লোক সমজ্যাৰ।
হৃদয়ৰ পৰা মোৰ নুগুচন্ত আৰ॥
যিহেতু দ্ৰৌপদী নাজানিলা মঞি বিনি।
এতেকে তাহান মঞি হুয়া আছো ঋণি॥২৭৩॥
তাহান শত্ৰুৰ যেৱে নিচিন্তোহোঁ মাৰ।
তাৱত নুগুচে মোৰ দ্ৰৌপদীৰ ধাৰ॥
এহিমানো সম্বৰিলো বচন কৃষ্ণৰ।
ভগবত গীতাত শুনিয়ো আতপৰ॥২৭৪॥
যিটো ভৈল একান্তিক কৃষ্ণৰ ভকত।
কৰন্ত প্ৰকাশ কৃষ্ণ তাহাৰ মনত॥
ঈশ্বৰ সৰ্ব্বথা তাক নপাসৰে মনে।
ভকতৰ হিত মাত্ৰ চিন্তে সৰ্ব্বক্ষণে॥২৭৫॥
কৃষ্ণত বিনাই সাৰ নাহি ভকতৰ।
ভকততো পৰে সাৰ নাহিকে কৃষ্ণৰ॥
সমস্তে শাস্ত্ৰৰ সাৰ জানা এহিমান।
কৃষ্ণৰ বচন লৈয়ো প্ৰত্যক্ষ প্ৰমাণ॥২৭৬॥
কহন্ত মাধৱে নিজ ভক্ত অৰ্জ্জুনত।
শুনিয়ো অৰ্জ্জুন মোৰ ভক্তিৰ মহত॥
যিটো জনে লৈয়া মোত একান্ত শৰণ।
মোৰ গুণ নাম কৰে সততে কীৰ্ত্তন॥২৭৭॥
দৃঢ় ব্ৰত ধৰি পুজা কৰে নিৰন্তৰে।
ভক্তিভাৱে মোক মাত্ৰ নমস্কাৰ কৰে॥